চুকাফাৰ স্মৃতিত ৰাজ্যজুৰি পালন কৰা হ'ব অসম দিৱস

চুকাফাৰ স্মৃতিত ৰাজ্যজুৰি পালন কৰা হ'ব  অসম দিৱস

ডিজিটেল ডেস্ক : আজি ২ ডিচেম্বৰ। আজিৰ এই দিনটো অসম দিৱস বা চুকাফা দিৱস হিচাপে পালন কৰা হয়। আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক তথা আহোমৰ প্ৰথম ৰজা চাওলুং চুকাফাক স্মৰণ কৰি প্ৰতি বছৰে ২ ডিচেম্বৰত সমগ্ৰ অসমতে অসম দিৱস বা চ্যুকাফা দিৱস পালন কৰা হয়।

অসমৰ বিভিন্ন প্ৰান্তত চলিছে চুকাফা দিৱসৰ আয়োজন। ৰাজ্য চৰকাৰৰ উদ্যোগতো পালন কৰা হ'ব অসম দিৱস। চুকাফা দিৱসৰ লগত সংগতি ৰাখি চৰকাৰে প্ৰদান কৰি আহিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ চুকাফা বঁটা।

ৰাজ্য চৰকাৰে এইবাৰ এই বঁটা প্ৰদান কৰিব বিশিষ্ট সাংবাদিক,সম্পাদক ধীৰেন্দ্ৰ নাথ বেজবৰুৱাক। এই বঁটাত আছে নগদ ৩ লাখ টকা,এখন প্ৰশস্তি পত্ৰ আৰু অংগ বস্ত্ৰ। উল্লেখ্য যে, ১৯৮৭ চনৰ পৰা অসমত চৰকাৰীভাৱে এই দিৱস পালন কৰি অহা হৈছে।

চুকাফাৰ স্মৃতিত ৰাজ্যজুৰি পালন কৰা হ'ব  অসম দিৱস
নাৰুৱাৰ পঞ্চগ্ৰাম জাতীয় বিদ্যালয়ৰ ৪ৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস সম্পন্ন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in