বিজেপিৰ অমৃত কলহ যাত্ৰাই বিপদ মাতিছে ভূপেন বৰালৈ...

বিজেপিৰ অমৃত কলহ যাত্ৰাই বিপদ মাতিছে ভূপেন বৰালৈ...

author-image
Asomiya Pratidin
New Update
গ্ৰেপ্তাৰ হ'ব পাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

ডিজিটেল ডেস্কঃ বিজেপিৰ অমৃত কলহ যাত্ৰা অসম প্ৰদেশ কংগ্ৰেছ নেতৃত্বৰ বাবে প্ৰত্যাহ্বান হৈ থিয় দিছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কোৱাৰ দৰেই বিজেপিৰ অমৃত কলহত এতিয়া কংগ্ৰেছৰ বাবে গৰলেই ওলাইছে।

Advertisment

শেহতীয়াকৈ অমৃত কলহ যাত্ৰাত কংগ্ৰেছ নেতৃত্বৰ বাধা নেওচি ৩ জনকৈ কংগ্ৰেছী বিধায়কে অংশ লোৱা দেখিবলৈ পোৱা গৈছিল। এইসকল কংগ্ৰেছ বিধায়কৰ বিৰুদ্ধে দলীয় অনুশাসন মূলক ব্যৱস্থা গ্ৰহণ নকৰাত অসম প্ৰদেশ কংগ্ৰেছৰ ভিতৰচৰাতেই তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি হৈছে।

অসন্তুষ্ট প্ৰদেশ কংগ্ৰেছৰ একাংশ বিষয়-ববীয়া আৰু ১০ খন জিলা কংগ্ৰেছৰ নেতৃত্বই সেই বিধায়কসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে দলীয় বিষয়বাবৰ পৰা সমূহীয়াকৈ পদত্যাগ কৰাৰ হুংকাৰ দিছে।

সেই অসন্তুষ্ট কংগ্ৰেছ নেতা কৰ্মীসকলৰ ভিতৰত আছে অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যবাহী সভাপতি ৰাণা গোস্বামী, উপ-সভাপতি নৱ তালুকদাৰকে ধৰি ৰাজ্যিক পৰ্যায়ৰ কেইবাগৰাকী বিষয়ববীয়া।

বৰ্তমান প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আছে দিল্লীত। ৯ অক্টোবৰত এই সকল অসন্তুষ্ট নেতা-কৰ্মীয়ে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব আৰু এআইচিচিৰ নেতৃত্বক এখন স্মাৰক পত্ৰ প্ৰদান কৰিব। সেই স্মাৰক পত্ৰত ৪৮ ঘন্টা সময় বান্ধি দি অমৃত কলহ যাত্ৰাত ভাগ লোৱা কংগ্ৰেছী বিধায়কৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে ১১ অক্টোবৰত তেওঁলোকে দলীয় পদবীৰ পৰা পদত্যাগ কৰিব বুলি সিদ্ধান্ত লৈছে।

উল্লেখ্য যে, ১১ অক্টোবৰতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই দাবী কৰা অনুসৰি আঞ্চলিক দলৰ কেইবাজনো দিগ্বজ নেতাই কংগ্ৰেছত যোগদান কৰিব। সেই খবৰবোৰৰ মাজতেই কংগ্ৰেছৰ ভিতৰচৰাত দেখা দিয়া এই অসন্তুষ্টিয়ে দলটোৰ নেতৃত্ব তথা ভূপেন বৰাক ভীষণ অস্বস্তিৰ মাজলৈ ঠেলি দিছে।

Also Read: মুখ্যমন্ত্ৰীয়ে দেখিছেনে? অমৃত পানী ওলাইছে...

congress