টেট পাছ কৰিলেই নহ'ব আৰু এটা পৰীক্ষাত পাছ কৰিলেহে পাব চাকৰি....

টেট পাছ কৰিলেই নহ'ব আৰু এটা পৰীক্ষাত পাছ কৰিলেহে পাব চাকৰি....
টেট পাছ কৰিলেই নহ'ব আৰু এটা পৰীক্ষাত পাছ কৰিলেহে পাব চাকৰি....

ডিজিটেল ডেস্কঃ ৰাজ্যত শিক্ষক নিযুক্তিৰ বাবে টেট অনুষ্ঠিত হৈ আহিছে যদিও এতিয়াৰে পৰা টেটৰ উপৰিও আন এটা পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদ মেলৰ জৰিয়তে প্ৰকাশ কৰিছে।

তেওঁ উল্লেখ কৰা অনুসৰি শিক্ষক নিযুক্তিৰ বাবে টেট লাগিব যদিও আন এক পৰীক্ষা অনুষ্ঠিত কৰিব। এই পৰীক্ষাত সকলো অৱতীৰ্ণ হ'ব লাগিব। ইয়াৰ কাৰণ ব্যাখ্যা কৰি তেওঁ কয়,শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত বি এড আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফলৰ নম্বৰত যথেষ্ট তাৰতম্য থাকে।

কিছুমানে হায়াৰ ছেকেণ্ডেৰীৰ ফলাফল ভাল নোহোৱাৰ বাবে মুক্ত শিক্ষাৰ জড়িয়তে মাৰ্কশ্বিট ভাল কৰে। ফলত নিযুক্তিৰ ক্ষেত্ৰত মেধাসম্পন্ন প্ৰাৰ্থীসমূহ বঞ্চিত হয়। আনহাতে আন একাংশ শিক্ষাৰ্থীয়ে বহিঃৰাজ্যৰ বিহাৰ, ঝাৰখণ্ড আদিৰ পৰা যিসকলে বি এড পাছ কৰি আহে তেওঁলোকৰ নম্বৰ অসমৰ গুৱাহাটী, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত বি এড উত্তীৰ্ণ হোৱাসকলতকৈ অধিক।

তেওঁলোকে বি এডত ৯৮ ৰ পৰা ৯৯ শতাংশ নম্বৰ লাভ কৰে। সেয়ে এইসকলো দিশ চোৱাচিতা কৰি আছে ৰাজ্য চৰকাৰে। এই সকলো সমস্যা সমাধানৰ বাবে এটা নতুনকৈ লিখিত পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। টেট পাছ কৰিলেও নিযুক্তি লাভৰ বাবে এই পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব।

টেট পাছ কৰিলেই নহ'ব আৰু এটা পৰীক্ষাত পাছ কৰিলেহে পাব চাকৰি....
গুৱাহাটীত আপৰ যোগদান কাৰ্যসূচীঃ কংগ্ৰেছ, বিজেৰি এৰিলে অৰ্ধশতাধিকতকৈ অধিকে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in