/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/frfr.jpg)
এতিয়াৰে পৰা বিভিন্ন বিভাগত কাম কৰিব লাগিব কৰ্মচাৰীয়ে ! ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত...
ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি জনতা ভৱনত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। এই বৈঠকত গ্ৰহণ কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
সেই অনুসৰি পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ বিভাগৰ অধীনস্থ ৪৫ বিঘা ৯ লেচা ভূমিত ৰে'লৱেৰ দ্বিতীয়খন প্ৰৱেশদ্বাৰ নিৰ্মাণ কৰিবলৈ অনুমোদন জনোৱা হৈছে। এই ভূমিখিনিৰ পৰিৱৰ্তে ৰে'লৱেয়ে জালুকবাৰীত অসম চৰকাৰক তেওঁলোকৰ অধীনস্থ সম পৰ্যায়ৰ ভূমি হস্তান্তৰ কৰিব।
ইফালে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ মাজত কামৰ গতিশীলতা আনিবৰ বাবে এক নতুন অধ্যাদেশ জাৰি কৰিব বুলিও আজিৰ কেবিনেটৰ অন্তত মন্ত্ৰী পীযুষ হাজৰিকাই ঘোষণা কৰিছে। এই অধ্যাদেশ জাৰি হোৱাৰ পাছতে এটা বিভাগৰ কৰ্মচাৰীয়ে কেৱল এটা বিভাগতে দায়িত্ব পালন কৰাৰ বিপৰীতে আন বিভাগটো দায়িত্ব পালন কৰিবলগীয়া হ'ব পাৰে।
অৱশ্যে ইয়াৰ বাবে কৰ্মচাৰীসকলে প্ৰথমে নিযুক্তিপ্ৰাপ্ত বিভাগটোৰ পৰাই দৰমহা লাভ কৰিব। অৱসৰো সেই বিভাগটোৰ পৰাই গ্ৰহণ কৰিব। আগন্তুক বিধানসভাৰ অধিৱেশনত এই নতুন বিল উত্থাপন কৰা হ'ব।
আজিৰ কেবিনেটে গ্ৰহণ কৰা আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি সেনা বাহিনীৰ পৰা অৱসৰ গ্ৰহণ কৰা লোকসকলক ভূমি ক্ৰয়ৰ ক্ষেত্ৰত বিশেষ ৰেহাই প্ৰদান কৰিব ৰাজ্য চৰকাৰে। এই লোকসকলে ভূমি ক্ৰয় কৰিলে ৭৫ শতাংশ পৰ্যন্ত কৰ ৰেহাই পাব। অৱশ্যে তেওঁলোকে জীৱনত এই সুবিধা এবাৰহে লাভ কৰিব।
In today’s #AssamCabinet, we took a number of decisions pertaining to a second entry to the Guwahati Railway Station, exemption of property registration fees for ex-servicemen & their families, augmenting Assam's forensic science sector, etc. pic.twitter.com/tzPAbm7k5C
— Himanta Biswa Sarma (@himantabiswa) May 8, 2023
Also Read: আপৰ অভিযোগঃ হিমন্ত চৰকাৰে মূল্যবৃদ্ধি,ঋণ, দুর্নীতিৰে সর্বকালৰ অভিলেখ ভংগ কৰিছে...