স্কুটি-বাইকৰ পৰা বিশ্ববিদ্যালয়ত আসন সংৰক্ষণলৈঃ কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

স্কুটি-বাইকৰ পৰা বিশ্ববিদ্যালয়ত আসন সংৰক্ষণলৈঃ কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ডিজিটেল ডেস্কঃ বুধবাৰে দিছপুৰত অনুষ্ঠিক হয় কেবিনেট বৈঠক। এই কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সিদ্ধান্ত সমূহৰ বিষয়ে জনায়। তলত সৱিশেষ উল্লেখ কৰা হ'ল-

  • অৰুণোদয়ত অতিৰিক্ত ৭ লাখ হিতাধিকাৰী হ’ব

  • ১০ ছেপ্টেম্বৰৰ পৰা হিতাধিকাৰীয়ে পাব ১২৫০ টকা

  • ২০২৫ বা ’২৭ত নেচনেল গেমছ পাতিবলৈ অলিম্পিক সন্থাক আবেদন জনাব

  • HSত ৬০% বা তাতকৈ বেছি পোৱা ছাত্রীক স্কুটী দিয়া হ’ব

  • ৭৫% বা তাৰ ওপৰত পোৱা ছাত্রসকলকো দিয়া হ’ব মটৰচাইকেল

  • অহা বছৰৰ পৰা ৭৫%ৰ পোৱা ওপৰৰ ছাত্রক দিয়া হ’ব

  • অহা বছৰৰ পৰা ৭৫% নম্বৰ পোৱা ছাত্রীসকলেহে পাব স্কুটী

  • নৱম শ্রেণীত পঢ়া ৩,৭৮,০০০ শিক্ষাৰ্থীক দিয়া হ’ব চাইকেল

  • ইয়াৰ বাবে ১৬৮ কোটি টকা ধাৰ্য কৰা হৈছে

  • ৬ জনগোষ্ঠীৰ ছাত্র–ছাত্রীৰ বাবে কৃষি বিভাগত আসন সংৰক্ষণ

  • কৃষি বিশ্ববিদ্যালয়ত চাহ জনগোষ্ঠীৰ বাবে ৪, মৰাণৰ বাবে ৩.মটকসকলৰ বাবে ৩, কোচ ৰাজবংশীৰ বাবে ৬ খন সংৰক্ষিত।

  • টাই আহোমৰ বাবে ৪খন, চুতীয়া জনগোষ্ঠীৰ বাবে ৪খন আসন সংৰক্ষিত।

  • স্বাস্থ্য বিভাগতো নাৰ্চিঙৰ ক্ষেত্রতো আসন সংৰক্ষণ

  • BSc নাৰ্চিং, ANM, GNMৰ প্রশিক্ষণ ইনষ্টিটিউটতো থাকিব সংৰক্ষণ

  • ৪ লাখ টকাৰ তলত উপাৰ্জন কৰা লোকে NFSAৰ অধীনত পাব বিনামূলীয়া চাউল

  • ইয়াত ৪০ লাখ নতুন লোকক সংযোজিত কৰা হ’ব

  • চাউলৰ লগতে চিকিৎসাও পাব বিনামূলীয়াকৈ

  • বিদ্যালয় পৰিচালনা সমিতিৰ ক্ষেত্রত নতুন নিয়ম

  • পৰিচালনা সমিতিত থাকিব লাগিব এজন নিৰ্বাচিত জন প্রতিনিধি

  • থাকিব এজন শিক্ষক আৰু দুজন প্রাক্তন শিক্ষাৰ্থী

  • চাহ বাগিচাত ৰাজ্য চৰকাৰে বিদ্যালয় খুলিছে

  • এই বিদ্যালয়ৰ মানদণ্ড উন্নত কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে

  • চাহ জনগোষ্ঠীয় ১১০০ শিক্ষকক বাগিচা অঞ্চলৰ বিদ্যালয়লৈ বদলিৰ সিদ্ধান্ত

স্কুটি-বাইকৰ পৰা বিশ্ববিদ্যালয়ত আসন সংৰক্ষণলৈঃ কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
লেতেৰা পৰিৱেশত খাদ্য-সামগ্ৰী তৈয়াৰ, গুৱাহাটীত ছীল কৰিলে কেইবাখনো মিঠাই ভাণ্ডাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in