শ্বহীদ জোৱানৰ উত্তৰাধিকাৰীক চৰকাৰী চাকৰি প্রদানৰ সিদ্ধান্ত

১৬ অক্টোবৰত মাইক্র’ ফাইনেন্সৰ ঋণমুক্তক প্রমাণ পত্র প্রদান কৰা হ’ব উল্লেখ কৰে
শ্বহীদ জোৱানৰ উত্তৰাধিকাৰীক চৰকাৰী চাকৰি প্রদানৰ সিদ্ধান্ত

ডিজিটেল ডেস্ক : শনিবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সংবাদমেল সম্বোধন কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন চৰকাৰে লোৱা এই সিদ্ধান্তসমূহৰ কথা উল্লেখ কৰে।

কেবিনেটত লোৱা সিদ্ধান্ত মৰ্মে- নতুনকৈ অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হ’ব ৬ লাখ মহিলা। অহা ১১, ১২ অক্টোবৰত প্রতিখন জিলাতে নতুনকৈ এই আঁচনিত মহিলা হিতাধিকাৰীসকলক অন্তৰ্ভুক্ত কৰা হ’ব।

ইফালে ১৩ অক্টোবৰত অসমৰ প্রতিখন জিলাত নৱম শ্রেণীৰ ছাত্রীক প্রদান কৰা হ’ব চাইকেল। লগতে ১৬ অক্টোবৰত মাইক্র’ ফাইনেন্সৰ ঋণমুক্তক প্রমাণ পত্র প্রদান কৰা হ’ব উল্লেখ কৰে।

আনহাতে নকৈ জিলা ঘোষণা কৰা বজালী জিলাৰ সীমা নিৰ্ধাৰণক লৈ উপ-সমিতি গঠন কৰা হৈছে। এই উপ-সমিতিখনত আছে মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, অতুল বৰা আৰু জয়ন্ত মল্লবৰুৱা।

কেবিনেটত লোৱা অন্যতম গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে- শ্বহীদ জোৱানৰ উত্তৰাধিকাৰীক চৰকাৰী চাকৰি প্রদান। ইয়াৰোপৰি RDSS আঁচনিৰ জৰিয়তে বিদ্যুৎ‍ সংযোগৰ সিদ্ধান্তও বৈঠকত গ্ৰহণ কৰা হয়।

Assam Urban Knowledge হাবৰ বাবে ২২ কোটি টকা অনুমোদনৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথাও সংবাদমেলযোগে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে, মুখ্যমন্ত্রী লোক সেৱক আৰোগ্য আঁচনিত কেবিনেটৰ অনুমোদন।

ইয়াৰ জৰিয়তে চৰকাৰী চাকৰিয়ালে সহজতে চিকিৎসা খৰচ ঘূৰাই পাব বুলি কেবিনেটৰ বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি মন্ত্রী জয়ন্ত মল্লবৰুৱাই উল্লেখ কৰে।

শ্বহীদ জোৱানৰ উত্তৰাধিকাৰীক চৰকাৰী চাকৰি প্রদানৰ সিদ্ধান্ত
দায়িত্বহীন ঢকুৱাখনা লোকনিৰ্মান বিভাগ ! গৰাখহনীয়াই ছিন্ন-ভিন্ন কৰিলে পথ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in