অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত...

jayanta malla pressmeet
jayanta malla pressmeet

ডিজিটেল ডেস্কঃ সোমবাৰে অনুষ্ঠিত কেবিনেটৰ বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰে মন্ত্রী জয়ন্ত মল্লবৰুৱাই। তলত কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ উল্লেখ কৰা হ'ল-

  • সুন্দৰ বাজেট উপহাৰ দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন অসম কেবিনেটৰ।

  • অসমে বহু দিনৰ পৰা বিচাৰি থকা সিদ্ধান্ত লৈছে কেবিনেটত।

  • ১৬ ফেব্রুৱাৰীত সমাপ্ত হ’ব বসন্ধুৰা-২।

  • ইয়াৰ পিছত আৰম্ভ হ’ব বসুন্ধৰা-৩ ।

  • ২৩ ফেব্রুৱাৰীৰ পৰা ২৯ ফেব্রুৱাৰীলৈ বসন্ধুৰা-২ৰ পট্টা বিতৰণ কৰা হ’ব।

  • বসুন্ধৰা-৩ত নতুন বিষয় সংযোজন কৰা হ’ব।

  • অসম মালা-২ৰ অধীনত ১২টা প্রকল্পৰ বাবে ১১৫১০ কোটি টকা আবণ্টনৰ সিদ্ধান্ত।

  • ১ মাৰ্চৰ পৰা ১০ মাৰ্চলৈ বিকাশ যাত্রা আৰম্ভ হ’ব।

  • বিভিন্ন কামৰ ভূমিপূজন আৰু শিলান্যাস কাৰ্যসূচী ল’ব।

  • ২৩০০০ কোটি টকাৰ ২২৭৬টা প্রকল্পৰ কাম শুভাৰম্ভ হ’ব।

jayanta malla pressmeet
সাৱধান! ১ ঘন্টাতে চৰকাৰী একাউন্টৰ পৰা সৰকালে ১ কোটি ২০ লাখ টকা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in