সাৱধান! ১ ঘন্টাতে চৰকাৰী একাউন্টৰ পৰা সৰকালে ১ কোটি ২০ লাখ টকা...

সাৱধান! ১ ঘন্টাতে চৰকাৰী একাউন্টৰ পৰা সৰকালে ১ কোটি ২০ লাখ টকা...

ডিজিটেল ডেস্কঃ মহাৰাষ্টৰ চৰকাৰী একাউণ্টৰ পৰা অসমৰ শিক্ষকে ১ ঘণ্টাতে সৰকাৰে ১ কোটি ২০ লাখৰো অধিক টকা৷ হেকাৰ চক্ৰৰ বৃহৎ নেটৱৰ্কৰ বিৰুদ্ধে হোজাই জিলাৰ মোৰাঝাৰ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ দুই শিক্ষক ।

বৃহৎ হেকাৰ চক্ৰৰ কবলত পৰিছে মহাৰাষ্টৰ এটা চৰকাৰী বিভাগ৷ অভিযোগ অনুসৰি চৰকাৰী একাউণ্টৰ পৰা অসমৰ এক বৃহৎ হেকাৰ চক্ৰই সৰকাইছে মুঠ  ১কোটি ২০ লাখ টকা ৷ হোজাই জিলাৰ মোৰাঝাৰৰ ৰহিম উদ্দিন নামৰ লোক এজনৰ ICICI বেংক একাউণ্টৰ জৰিয়তে যোৱা অক্টোবৰ মাহত সংঘটিত কৰা হৈছিল এই জালিয়াতিৰ ঘটনা৷

মাত্ৰ এঘণ্টাতে এই ধন একাউন্টোত সোমোৱাই আকৌ অন্য একাউণ্টলৈ ট্ৰেন্সফাৰ কৰা হৈছিল৷ এই সমগ্ৰ জালিয়াতিত হোজাই জিলাৰ মোৰাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক বছিৰ উদ্দিন আৰু ৰমেন দাস  জড়িত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷

শিক্ষক বছিৰ উদ্দিনে  ৰহিম উদ্দিন নামৰ লোকজনৰ পৰা তেওঁৰ একাউণ্ট বহী সহ UPI  ৰ তথ্য সংগ্ৰহ কৰিছিল বুলি এজাহাৰত উল্লেখ আছে। মোৰাঝাৰ আৰক্ষীয়ে ২২/ ২৪ নম্বৰ গোচৰত শিক্ষক বছিৰ উদ্দিন আৰু ৰমেন দাসক গ্ৰেপ্তাৰ কৰিছে যদিও এই সমগ্ৰ ঘটনাত অসমৰ পৰা মুম্বাইলৈ এক বৃহৎ চক্ৰ জড়িত হৈ আছে বুলি সন্দেহ কৰা হৈছে৷

ইফালে মহাৰাষ্ট্ৰ আৰক্ষীৰ পৰাও এখন চমন আহিছে ৰহিম উদ্দিনলৈ৷ এজাহাৰত উল্লেখ কৰা মতে এই ধন মহাৰাষ্ট্ৰ চৰকাৰৰ কোনো এক বিভাগৰ একাউণ্টৰ পৰা প্ৰেৰণ কৰা হৈছিল । হেকাৰ চক্ৰৰ কবলৰ পৰা এতিয়া সাধাৰণ গ্ৰাহকতো বাদেই চৰকাৰী বিভাগো ৰক্ষা নপৰাত হতচকিত হৈ পৰিছে সচেতন মহল ৷

সাৱধান! ১ ঘন্টাতে চৰকাৰী একাউন্টৰ পৰা সৰকালে ১ কোটি ২০ লাখ টকা...
ছোনিয়া গান্ধীয়ে ৰাজস্থানৰ পৰা ৰাজ্যসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সম্ভাৱণা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in