জ্যেষ্ঠ সাংবাদিক সভাৰাম মজুমদাৰ লৈ জীৱনজোৰা সংবাদ সাধনা বঁটা...

লুটুমাৰিত কামপুৰ প্ৰিণ্ট মিডিয়াৰ এছচিয়েছনৰ সভা। জেষ্ঠ্য সাংবাদিক সভাৰাম মজুমদাৰক জীৱনজোৰা সংবাদ সাধনা বঁটা প্ৰদান
জ্যেষ্ঠ সাংবাদিক সভাৰাম মজুমদাৰ লৈ জীৱনজোৰা সংবাদ সাধনা বঁটা...

ডিজিটেল সংবাদ, নগাঁও: নগাঁও জিলাৰ কামপুৰ লুটুমাৰি ৰাইজৰ আতিথ্যত আৰু কামপুৰ প্ৰিণ্ট মিডিয়া এছচিয়েছনৰ উদ্যোগত দেওবাৰে মুকলি সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাৰ আৰম্ভণিতে পতকা উত্তোলন কৰে কামপুৰ প্ৰিণ্ট মিডিয়াৰ এছচিয়েছনৰ সভাপতি সভাৰাম মজুমদাৰে। বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজসেৱক অনন্ত দেউৰীয়ে।

সভাখনিত ছাত্ৰ- ছাত্ৰী সকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইয়াৰ পাচতে বঁটা বিতৰণি সভা অনুষ্ঠিত হয়। একেটা অনুষ্ঠানতে অনুষ্ঠিত হোৱা মুকলি সভাত কামপুৰৰ জ্যেষ্ঠ সাংবাদিক সভাৰাম মজুমদাৰক কামপুৰ প্ৰিণ্ট মিডিয়াৰ এছচিয়েছনে জীৱনজোৰা সংবাদ সাধনা বঁটা প্ৰদান কৰে।

উক্ত সভাত কামপুৰ প্ৰিণ্ট মিডিয়া এছচিয়েছনৰ মাহেকীয়া মুখপত্ৰ জনবাৰ্তা উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকাই। জেষ্ঠ সাংবাদিক সভাৰাম মজুমদাৰক মানপত্ৰ, চেলেং , জাপি আৰু স্মাৰকৰে সম্বৰ্ধনা জ্ঞাপন কৰা কামপুৰ প্ৰিণ্ট মিডিয়াৰ এছচিয়েছনৰ তৰফৰ পৰা। 

উক্ত মুকলি সভাত নগাৱঁৰ জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকা, জ্যেষ্ঠ সাংবাদিক হৰেশ্বৰৰ বৰা, জেষ্ঠ সাংবাদিক ঘন কান্ত বৰা, অনন্ত দেউৰী, কামপুৰৰ প্ৰাক্তন আছু নেতা অমিয় বৰা আৰু প্ৰকাশ ভূঞাই  সাংবাদিকৰ দ্বায়িত্ব , কৰ্তব্যৰ লগতে পূৰ্বৰ আৰু বৰ্তমানৰ সাংবাদিকৰ সকলৰ ওপৰত ভাষণ প্ৰদান কৰে।

কামপুৰৰ প্ৰিণ্ট মিডিয়াৰ এছচিয়েছনৰ সম্পাদক সমৰেন্দ্ৰ নাৰায়ণ বৰাই আঁত ধৰা এই অনুষ্ঠানত স্থানীয় সমাজ কৰ্মী বিতু বৰদলৈ, দিনেশ বৰা ,জেষ্ঠ সাংবাদিক মোলান লস্কৰ, সাংবাদিক নীলকমল শইকীয়া,ৰূপ জ্যোতি ভূঞা, শান্তুনু শৰ্মা ;তিলেশ্বৰ দাস আৰু স্থানীয় গণ্য মান্য ব্যক্তিসকল উপস্থিত থাকে।

জ্যেষ্ঠ সাংবাদিক সভাৰাম মজুমদাৰ লৈ জীৱনজোৰা সংবাদ সাধনা বঁটা...
মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি খালিস্তানীৰ, তৎপৰ অসম আৰক্ষী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in