১০ মিনিটত পঢ়ক বাজেটৰ A to Z

১০ মিনিটত পঢ়ক বাজেটৰ A to Z

1.       ১০ লাখ ছাত্ৰীৰ বাবে ১ নিযুত মইনা আঁচনি ঘোষণা

2.       একাদশ শ্ৰেণীৰ নামভৰ্তিৰ বাবে ১০ হাজাৰ টকা

3.       স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে ১২৫০০ টকা

4.       স্নাতকোত্তৰ প্ৰথম বৰ্ষত নামভৰ্তিৰ বাবে ১৫০০০টকা

5.       ১০লাখ ছাত্ৰীৰ বাবে ২৪০ কোটি ধাৰ্য্য বাজেটত

6.       প্রথম পৰ্যায়ত ১লাখ ৩০ হাজাৰ অতিৰিক্ত ঘৰ নিৰ্মাণ কৰিব চৰকাৰে

7.       প্ৰতিটো ঘৰৰ মুল্য নিৰ্ধাৰণ কৰা হৈছে ১লাখ ৩০হাজাৰ টকা

8.       এই ঘৰসমূহত ১০শতাংশ চাহ জনগোষ্ঠীয় লোকক প্ৰদান কৰা হ’ব

9.       মুখ্যমন্ত্ৰীৰ আৱাস যোজনাৰ বাবে ৬০০ কোটি টকা আৱণ্টনৰ প্ৰস্তাৱ

10.   আৰক্ষী আৰু কৰ্মচাৰীৰ বাবেও বাসগৃহৰ ব্যৱস্থা কৰিব চৰকাৰে

11.   ১০০০ বৰ্গফুটৰ ২টা শোৱনি কোঠাযুক্ত ১০ হাজাৰ ঘৰ নিৰ্মাণ

12.   পৰিয়ালত এজনো চৰকাৰী চাকৰিয়াল নথকাসকলৰ বাবে ভাল খবৰ

13.   প্ৰাপ্ত নম্বৰতকৈ ৫শতাংশ অতিৰিক্ত নম্বৰ দিয়া হ’ব

14.   মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ বাবে বাজেটত ধন ধাৰ্য্য

15.   প্ৰায় ৪০লাখ মহিলাক গাইপতি দিব ১০,০০০কৈ টকা

16.   ৪০লাখ মহিলাক নুন্যতম ২৫০০০টকাৰ বেংক ঋণ প্ৰদান কৰা হ’ব

17.   ঋণৰ সদব্যৱহাৰ কৰি পৰিশোধ কৰিলে ৰাজসাহায্য লাভ কৰিব

18.   প্ৰতিমাহৰ ১০তাৰিখে লাভ কৰিব ১২৫০টকা

19.   চলিত বৰ্ষত আঢ়ৈলাখ অতিৰিক্ত হিতাধিকাৰীক সামৰি লোৱাৰ সিদ্ধান্ত লোৱা হৈছে

20.   অৰুণোদয় লাভ কৰা পৰিয়ালৰ সংখ্যা ৩০লাখ পাৰ হ’ব

21.   ৰেচন কাৰ্ড থকা লোকসকলক অৰুণোদয় আঁচনিৰ অন্তৰ্ভূক্ত কৰা হ’ব

22.   অৰুণোদয়ৰ হিতাধিকাৰীক বীমা প্ৰদানৰ ব্যৱস্থা কৰিব

23.   অৰুণোদয়ৰ বাবে ৩৮০০ কোটি টকা ধাৰ্য্য বাজেটত

24.   মাইক্ৰফাইনেন্সৰ মহিলাৰ বাবেও সুখবৰ আনিছে বাজেটে

25.   এই পৰ্যন্ত ২০৮১কোটি টকাৰ ঋণ মাফ কৰা হৈছে

26.   প্ৰতিগৰাকী হিতাধীকাৰীয়ে ১২,৫০০টকাকৈ মুলধনী ৰাজসাহায্য পাব

27.   অনুদান, ৰাজসাহায্য আৰু ঋণকে ধৰি ৪৭,৫০০টকা

28.   এইবাৰ নগৰ অঞ্চলতো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি আৰম্ভ হ’ব

29.   আত্মসহায়ক গোটৰ আঢ়ৈ লাখ মহিলাক সামৰি ল’ব এই আঁচনিয়ে

30.   অৰুণোদয় ২.০ৰ পৰিসৰ বৃদ্ধিৰ সিদ্ধান্ত

31.   বাওনা, চেৰিব্ৰেইলৰ পালচি, থেলাচেমিয়া ৰোগীক অৰুণোদয়ে সামৰি ল’ব

32.   হেমোফেলিয়া, কুষ্ঠ, অটিজিম ৰোগীৰ পৰিয়ালকো অৰুণোদয়ে সামৰি ল’ব

33.   ২৭লাখ লোকক সামৰি ল’ব অৰুণোদয় আঁচনিয়ে

34.   এই বৰ্ষত পুনৰ ৫৫০ কোটি টকাৰ মাইক্ৰফাইনেন্সৰ ঋণ মাফ কৰা হ’ব

35.   মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ বাবে ১০১০ টকা ব্যয় কৰা হ’ব

36.   নতুনকৈ ৩৫৯১০টা চাকৰিৰ বিজ্ঞাপন প্ৰকাশ কৰিব চৰকাৰে

37.   এতিয়ালৈকে ৯৪,৫০৬গৰাকীক চৰকাৰী নিযুক্তি দিয়া হৈছে

38.   এই বছৰৰ ভিতৰত মুঠ ১লাখ ৩০ হাজাৰ ৪১৬টা চৰকাৰী নিযুক্তি দিয়া হ’ব

39.   ৪৯৮কোটি ব্যয়েৰে মা কামাখ্যাৰ প্ৰাংগন নতুনকৈ সজাই-পৰাই তোলা হ’ব

40.   ৩১১ কোটি টকাৰে ৰাজ্যিক চিৰিয়াখানৰ আধুনিকিকৰণ কৰা হ’ব

41.   ১০০কোটি টকাৰে দীপৰবিলক পুনৰ উজ্জীৱিত কৰা হ’ব

42.   বানপানীৰ দিশ সলনিৰ বাবে জলাশয় সমূহৰ সংলগ্নকৰণৰ পদক্ষেপ

43.   সৰ্বমুঠ ২৭১টা জলাশয়লৈ বোৱাই নিয়া হ’ব বানপানী

44.   ব্ৰহ্মপুত্ৰৰ সৈতে জলাশয় বা হ্ৰদসমূহ সংৰক্ষণ কৰা হ’ব

45.   ১০০০ কিঃমিঃ মথাউৰিক পথ-মথাউৰীলৈ ৰূপান্তৰৰ ব্যৱস্থা

46.   চলিত বৰ্ষত ৩কোটি গছপুলি ৰোপণ কৰাৰ সিদ্ধান্ত লৈছে অসম চৰকাৰে

47.   গছপুলি ৰোপণৰ বাবে ৪০কোটি টকা আৱণ্টন

48.   বিগত দুটা বছৰত অসমত ৫০হাজাৰ কিঃমিঃ পথ নিৰ্মাণ কৰা হৈছে

49.   প্ৰতিদিনেই গড়ে ১২ কিঃমিঃ পথ নিৰ্মাণ কৰিছে ৰাজ্য চৰকাৰে

50.   অহা মাৰ্চ মাহৰ পৰা অসম মালা ২.০ৰ ৰূপায়ণ আৰম্ভ হ’ব

51.   অসম মালাৰ বাবে বাজেটত ৩৫০০ কোটি ধাৰ্য্য

52.   অসম চৰকাৰে সকলোৰে বাবে 'গৃহ কাৰ্যসূচী’ হাতত লৈছে

53.   প্রধানমন্ত্ৰী আৱাস যোজনাৰ আৰ্হিৰ মুখ্যমন্ত্ৰী আৱাস যোজনা আৰম্ভ

54.   নামৰূপত ২৫মেগাৱটৰ সৌৰশক্তি প্ৰকল্প স্থাপনৰ বুজাবুজি চুক্তি

55.   ৪০৯১ কোটি টকাৰে স্থাপন কৰা হ’ব এই সৌৰশক্তি প্ৰকল্প

56.   ইয়াৰোপৰি ভাৰত চৰকাৰে ১০০০ মেগাৱট সৌৰশক্তি প্ৰকল্প স্থাপনতো অনুমোদন দিছে

57.   বৈদ্যুতিক বাহনৰ পঞ্জীয়ন মাচুলত ৰেহাইৰ ব্যৱস্থা

58.   মটৰগাড়ী কৰ ২শতাংশ হ্ৰাসৰ সিদ্ধান্ত

59.   ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, বিষ্ণুৰাভাৰ সোঁৱৰণত নৈশ সাংস্কৃতিক অনুষ্ঠান

60.   পূৰ্ণদৈৰ্ঘ্য চিনেমাৰ বাবে ১০লাখ টকাৰ অনুদান

61.   ছবি আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ শিল্পীক সাহায্য প্ৰদান

62.   ৫বছৰৰ বাবে তেওঁলোকে পাবলগীয়া ধনৰ ৫০শতাংশ আগবঢ়োৱা হ’ব

63.   ৫০টা নতুন চলচ্চিত্ৰ গৃহলৈ চৰকাৰৰ ২৫কোটিৰ অনুদান

64.   প্ৰতিখন ভাওনা সমিতিলৈ ২৫হাজাৰ টকাৰ এককালীন সাহায্য

65.   চৰকাৰী চাকৰিত চাহ জনগোষ্ঠীয় লোকৰ বাবে ৩শতাংশ সংৰক্ষণৰ সিদ্ধান্ত

66.   চাহবাগিচাৰ গৰ্ভৱতী মহিলাৰ বাবে মজুৰি ক্ষতিপুৰণ আঁচনি

67.   মিছন বসুন্ধৰা ৩.০ ৰ অধীনত চাহ জনজাতি আৰু খিলঞ্জীয়াক ভূমিৰ অধিকাৰ

68.   ৰাম-বিজয় অংকীয়া নাট পৰিৱেশন কৰিলে অতিৰিক্ত ৫হাজাৰ টকা

69.   ৫৪কোটি ব্যয়েৰে বটদ্ৰৱা থানৰ সৌন্দৰ্যবৰ্ধনৰ কাম আৰম্ভ হ’ব

70.   পাটবাউসী সত্ৰ উন্নয়নৰ বাবে ১৫কোটি টকা ধাৰ্য্য

71.   কমলাবাৰী সত্ৰ সংৰক্ষণৰ বাবে ৫কোটি টকা

72.   শ্ৰীমন্ত্ৰ শংকৰদেৱ সত্ৰৰ বাবে ২কোটি টকাৰ আৱণ্টন দিয়াৰ কথা উল্লেখ বাজেটত

73.   দুগ্ধ ব্যৱসায়ীসকলৰ বাবে ২৫ কোটি টকা ধাৰ্য্য

74.   ক্ষুদ্ৰ চাহ খেতিয়কৰ উৎকৰ্ষ সাধনৰ বাবে ১৫কোটি

75.   কৃষকৰ মাজত ২০০০ পাৱাৰ টিলাৰ আৰু ৭০খন ট্ৰেক্টৰ বিতৰণ কৰিব

76.   ২০০ টা থ্ৰেচাৰ, ২০০ টা ৰিপাৰ, ১০টা পেডী ট্ৰেছলেটৰ

77.   গুৱাহাটীক অমৃত গিগ চিটি হিচাপে গঢ়ি তোলা হ’ব

78.   নতুন দিল্লীৰ দ্বাৰকাত তৃতীয়টো অসম ভৱন নিৰ্মাণৰ বাবে মাটিৰ আৱণ্টন লাভ

79.   আপোন ঘৰ, আপোন বাহন আঁচনিৰ বাবে ১২কোটি টকা ধাৰ্য্য

80.   নাগালেণ্ডৰ হৰ্ণবিল ফেষ্টিভেলৰ বাবে ৩কোটিকৈ দিব অসম চৰকাৰে

81.   ২৫হাজাৰ গৰাকী তীৰ্থযাত্ৰীক ৰাম মন্দিৰ দৰ্শন কৰাবলৈ নিব অসম চৰকাৰে

82.   পুৰ্ণতীৰ্থ যোজনাৰ বাবে ২৫কোটি টকা ধাৰ্য্য

83.   ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু অন্যান্য শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীৰ বাবে জলপানিৰ ব্যৱস্থা

84.   ১০০ কোটি টকা খৰচ কৰি অত্যাধুনিক ৰূপ দিয়া হ’ব ডিব্ৰুগড় বিশ্ববিদ্যালয়ত

85.   কৃষ্ণকান্ত সন্দিকৈ বিশ্ববিদ্যালয়ৰ বাবে ২০কোটিৰ অনুমোদন

86.   অগ্নিবীৰসকলৰ বাবে অসম আৰক্ষীত ১০শতাংশ পদ সংৰক্ষণৰ ব্যৱস্থা

১০ মিনিটত পঢ়ক বাজেটৰ A to Z
LIVE UPDATES- বিধানসভাত দাখিল ২০২৪-২৫বৰ্ষৰ বাজেট...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in