
ৰাজ্যত কেইবাখনো নতুন উৰণীয়া সেতু নিৰ্মাণৰ প্ৰস্তাৱ লোৱা হৈছে।
বিত্তমন্ত্ৰী অজন্তা নেওগে সেই ঘোষণা কৰিলে তেওঁৰ বাজেট ভাষণত।
গুৱাহাটীৰ গড়ভাঙ্গা পথৰ চাইকেল ফেক্টৰী সংযোগী পথত উৰণীয়া সেতু নিৰ্মাণৰ প্ৰস্তাৱ।
আৰ কে চৌধুৰী পথৰ ফটাশিল চাৰিআলিত নিৰ্মাণ হ'ব উৰণীয় সেতু।
জি এছ ৰোডৰ ডাউন টাউন হাস্পতালৰ সন্মুখত ৰাজীৱ ভৱনৰ সমীপত উৰণীয়া সেতু নিৰ্মাণৰ প্ৰস্তাৱ।
যোৰহাটৰ বৰুৱা চাৰিআলিৰ পৰা ভোগদৈ দলঙলৈ হ'ব উৰণীয়া সেতু।
ডিব্ৰুগড় আমোলাপট্টি, মানকটা ৰে'লৱে ক্ৰচিঙত, লাহোৱালৰ ৰে'লৱে ক্ৰচিঙত নিৰ্মাণ হ'ব ৩ খনকৈ উৰণীয়া সেতু।
ডিফু ষ্টেডিয়ামৰ পৰা ডিফুৰ প্ৰধান ডাকঘৰলৈ নিৰ্মাণ হ'ব উৰণীয়া সেতু।
গোপীনাথ বৰদৈ পথত চাৰিলেনযুক্ত এলিভেটেড পথ নিৰ্মাণৰ প্ৰস্তাৱ।
কামাখ্যা মন্দিৰলৈ বিকল্প এলিভেটেড পথৰ প্ৰস্তাৱ।
দীপৰ বিলৰ সমীপৰ স্থানত হাতী অহা যোৱাৰ বাবে অৰ্ধপথ (UNDER PASS) নিৰ্মাণৰ প্ৰস্তাৱ।
গুৱাহাটীৰ ছহিজ স্মাৰক সংযোগী পথ আৰু কইনাধৰা পথৰ মাজত, দীপৰ বিলৰ ওপৰৰে এলিভেটেড পথ নিৰ্মাণৰ প্ৰস্তাৱ।
শিলচৰৰ কালাইন পথত এলিভেটেড পথৰ প্ৰস্তাৱ।
অসম মালা আঁচনিৰ অধীনত ৪টা পথ কৰিডৰ নিৰ্মাণৰ প্ৰস্তাৱ।