প্ৰতিখন ৰাজহ গাঁৱে পাব ২০ হাজাৰকৈ টকা

প্ৰতিখন ৰাজহ গাঁৱে পাব ২০ হাজাৰকৈ টকা

author-image
Asomiya Pratidin
New Update
প্ৰতিখন ৰাজহ গাঁৱে পাব ২০ হাজাৰকৈ টকা

প্ৰতিখন ৰাজহ গাঁৱে পাব ২০ হাজাৰকৈ টকা

ডিজিটেল ডেস্কঃ বিত্তমন্ত্ৰী অজন্তা নেওগে বাজেট ভাষণত ঘোষণা কৰিলে চলিত বিত্তীয় বৰ্ষত ৰাজ্যৰ প্ৰতিখন ৰাজহ গাঁৱলৈ ৰাজ্য চৰকাৰে ১০ হাজাৰকৈ টকা আগবঢ়াব। সাংস্কৃতিক মহা সংগ্ৰাম আঁচনিৰ অধিনত গ্ৰাম্য সাংস্কৃতিক প্ৰতিভা চিনাক্ত কৰিবৰ বাবে আগবাঢ়াব এই ধন।

Advertisment

উল্লেখযোগ্য যে, গুজৰাটৰ খেল মহা কুম্ভৰ আৰ্হিত খেল মহাৰণ অনুষ্ঠিত কৰাৰ পৰিকল্পনা লৈছে চৰকাৰে। তৃণমূল পৰ্যায়ত গাওঁবাসীক জড়িত কৰি প্ৰতিভা চিনাক্তকৰণৰ বাবে ৰাজহগাঁৱৰ পৰা আৰম্ভ কৰি উন্নয়নখণ্ডৰ পৰ্যায়লৈকে এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব।

এই অনুষ্ঠানৰ বাবে ৫ বিধ খেল চিনাক্ত কৰিছে চৰকাৰে। উন্নয়ন খণ্ডত জয়ী হোৱা প্ৰতিযোগীসকলৰ পৰা জিলা পৰ্যায় আৰু শেষত ৰাজ্যিক পৰ্যায়ত এই প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰিব।

ইয়াৰ বাবেও ১০ হাজাৰ টকাকৈ প্ৰতিখন গাঁৱক দিব ৰাজ্য চৰকাৰে। আনহাতে সাংস্কৃতিক মহা সংগ্ৰাম আঁচনিৰ অধীনত ৬ টা শাখাত সংগীত আৰু নৃত্যৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব।

সেই শাখা কেইটা হ'ল- জ্যোতি সংগীত, বিষ্ণু ৰাভা সংগীত, ভূপেন্দ্ৰ সংগীত, ৰবীন্দ্ৰ সংগীত, জনজাতীয় নৃত্য আৰু বিহু প্ৰতিযোগিতা। এই দুই আঁচনিৰ অধীনত প্ৰতিখন ৰাজহ গাঁৱে খেলৰ বাবে ১০ হাজাৰ আৰু সাংস্কৃতিক প্ৰতিযোগিতাৰ বাবে মুঠ ২০ হাজাৰ টকা লাভ কৰিব। বাজেটত ইয়াৰ বাবে বিত্তমন্ত্ৰীয়ে ৬০ কোটি টকা আৱন্তন দিছে।

Also Read: ৯৩৫ কোটি টকাৰ ঘাটি বাজেট দাখিল বিত্তমন্ত্ৰীৰ...

বাজেট ২০২৩ অসম বিধানসভা অজন্তা নেওঁগ