বাজেট ২০২৩-২৪ : ৰাজ্যৰ যুৱক-যুৱতীৰ বাবে বিশেষ পদক্ষেপ

এই আঁচনিৰ বাবে ১০০০ কোটি টকা আৱণ্টন দিয়াৰ কথা বিত্তমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে
বাজেট ২০২৩-২৪ : ৰাজ্যৰ যুৱক-যুৱতীৰ বাবে বিশেষ পদক্ষেপ

ডিজিটেল ডেস্কঃ বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিলে ২০২৩-২৪ বৰ্ষৰ পূৰ্ণাংগ বাজেট। এইবাৰৰ বাজেটত নিৱনুৱা যুৱক-যুৱতীসকলক লক্ষ্য ৰাখি বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে।

১ লাখ নিযুক্তিৰ বিষয়টো উল্লেখ কৰাৰ উপৰিও নিৱনুৱা যুৱক-যুৱতীৰ সংস্থাপনৰ বাবে ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে। বাজেটত উল্লেখ কৰা অনুসৰি ৰাজ্যৰ ১ লাখ নিৱনুৱা, যুৱক-যুৱতীক ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ বাবে ৰাজ্য চৰকাৰে ২ লাখকৈ টকা এককালীন সাহাৰ্য প্ৰদান কৰিব।

অহা ৩ বছৰত ক্ষুদ্ৰ উদ্যোগ স্থাপনত সহায় কৰাৰ বাবে ৰাজ্য চৰকাৰে ১ লাখ যুৱক- যুৱতীক কিস্তি হিচাপত ২ লাখ টকাকৈ প্ৰাৰম্ভিক পুঁজি আগবঢ়াব বুলি প্ৰস্তাৱ গ্ৰহণ কৰে। আনহাতে যিসকল উদ্যোগীয়ে ইতিমধ্যে স্বয়ম আঁচনিৰ দ্বাৰা ক্ৰেডিট লিংকেজৰ সুবিধা লাভ কৰিছে আৰু নিজৰ ব্যৱসায় চলাই আছে সেইসকল উদ্যোগীক এই আঁচনিত অগ্ৰাধিকাৰ দিয়া হ'ব।

উল্লেখ্য যে এম এছ এম ই আৰু আন খণ্ডৰ লগত জড়িত প্ৰকল্পৰ বাবে প্ৰকল্পভিত্তিক ৰাজসাহাৰ্য আগবঢ়োৱা হ'ব। এই আঁচনিৰ বাবে ১০০০ কোটি টকা আৱণ্টন দিয়াৰ কথা বিত্তমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

বাজেট ২০২৩-২৪ : ৰাজ্যৰ যুৱক-যুৱতীৰ বাবে বিশেষ পদক্ষেপ
প্ৰধানমন্ত্ৰীৰ কৰ্মদক্ষতাক প্ৰশংসা অজন্তা নেওগৰঃ ৰাজহুৱা শিতানত ১৮০২৯৮.৮৩ কোটি টকা আৱণ্টন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in