প্ৰধানমন্ত্ৰীৰ কৰ্মদক্ষতাক প্ৰশংসা অজন্তা নেওগৰঃ ৰাজহুৱা শিতানত ১৮০২৯৮.৮৩ কোটি টকা আৱণ্টন...

প্ৰধানমন্ত্ৰীৰ কৰ্মদক্ষতাক প্ৰশংসা অজন্তা নেওগৰঃ ৰাজহুৱা শিতানত ১৮০২৯৮.৮৩ কোটি টকা আৱণ্টন...
প্ৰধানমন্ত্ৰীৰ কৰ্মদক্ষতাক প্ৰশংসা অজন্তা নেওগৰঃ ৰাজহুৱা শিতানত ১৮০২৯৮.৮৩ কোটি টকা আৱণ্টন...

ডিজিটেল ডেস্কঃ বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিলে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেট। ২০২৩-২৪ বৰ্ষৰ ৯৩৫.২৩ কোটি টকাৰ ঘাটি বাজেট দাখিল কৰিছে বিত্তমন্ত্ৰীগৰাকীয়ে। ৰাজহুৱা শিতানত ১৮০২৯৮.৮৩ কোটি টকা আৱণ্টন।

বাজেট ভাষণত তেওঁ প্ৰধানমন্ত্ৰীৰ কৰ্মদক্ষতাক প্ৰশংসা কৰে। ৩১,১২৬ কোটি টকা ব্যয় সাপেক্ষে ১৫ টা প্ৰকল্প কাম সম্পাদনৰ কথা উল্লেখ কৰে। বাজেটত মুখ্যমন্ত্ৰী পকী পথ নিৰ্মাণ আঁচনিত ১২৬০ কিলোমিটাৰ পথ উন্নীতকৰণৰ কথা কোৱা হৈছে।

চলিত বৰ্ষত অতিৰিক্ত ৩ হাজাৰ কিলোমিটাৰ পথ নিৰ্মাণৰ সিদ্ধান্ত লোৱা হৈছে। বিত্তমন্ত্ৰীগৰাকীয়ে আপোন ঘৰ আঁচনিৰ জৰিয়তে ৩৬,১৫৯ গৰাকী কৰ্মচাৰী উপকৃত হোৱাৰ কথা উল্লেখ কৰিছে। গৃহ নিৰ্মাণ ঋণৰ সুত শিতানত অনুদানৰ বাবে ৩৮৪ কোটিৰ ব্যয় বহন কৰা হৈছে।

প্ৰধানমন্ত্ৰীৰ কৰ্মদক্ষতাক প্ৰশংসা অজন্তা নেওগৰঃ ৰাজহুৱা শিতানত ১৮০২৯৮.৮৩ কোটি টকা আৱণ্টন...
অজন্তা নেওগে দাখিল কৰিলে বাজেটঃ পলকতে চাওঁক ৫ টা মূল বিষয়...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in