অসমৰ নিৰুদ্দেশ হোৱা ছাত্ৰ উদ্ধাৰ কেৰেলাত

জামুগুৰিহাটৰ ইটাখোলাৰ পৰা ১১ফেব্ৰুৱাৰীত নিৰুদ্দেশ হোৱা অবিনাশ ৰায় নামৰ ছাত্ৰজন এসপ্তাহৰ মুৰত অৱশেষত উদ্ধাৰ হয় বহিৰাজ্য কেৰেলাত ৷

author-image
Asomiya Pratidin
New Update
অসমৰ নিৰুদ্দেশ হোৱা ছাত্ৰ উদ্ধাৰ কেৰেলাত

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ ইটাখোলাৰ পৰা ১১ফেব্ৰুৱাৰীত নিৰুদ্দেশ হোৱা অবিনাশ ৰায় নামৰ ছাত্ৰজন এসপ্তাহৰ মুৰত অৱশেষত উদ্ধাৰ হয় বহিৰাজ্য কেৰেলাত ৷ জানিব পৰা মতে কেৰেলা আৰক্ষীয়ে যুৱকজনক উদ্ধাৰ কৰি অসম আৰক্ষীৰ সহযোগত পৰিয়ালৰ হাতত গতাই দিয়ে ৷

Advertisment

১১ টাকৈ দিনৰ মূৰত নিৰুদ্দিষ্ট ছাত্ৰজন বৃহস্পতিবাৰে আহি ইটাখোলা বাসভৱনত উপস্থিত হোৱাত স্বস্তিৰ নিশ্বাস এৰিছে পৰিয়ালৰ লোকসকলে। কেৰেলাৰ পৰা উদ্ধাৰ হোৱা ছাত্ৰজন বৰ্তমান সম্পূৰ্ণ সুস্থ অৱস্থাত আছে ৷

অবিনাশ ৰায় নামৰ ছাত্ৰজনৰ উদ্ধাৰ কাৰ্য্যত সহযোগিতা আগবঢ়োৱা আৰক্ষী প্ৰশাসন ও স্থানীয় ৰাইজক পিতৃ ওমপ্ৰকাশ ৰায় আৰু পৰিয়ালবৰ্গই ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰিছে ৷ উল্লেখ্য যে যোৱা ১৬ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এগৰাকী পৰীক্ষাৰ্থী আছিল অবিনাশ ৰায় নামৰ ছাত্ৰজন৷

Also Read: সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত সদৌ অসম মহিলা কুইজ

jamugurihat missing case