বিজেপি ৰাষ্ট্ৰীয় নেতৃত্বই অসমৰ পৰা আঁতৰালে ফণীন্দ্ৰনাথ শৰ্মাক...

বিজেপি ৰাষ্ট্ৰীয় নেতৃত্বই অসমৰ পৰা আঁতৰালে ফণীন্দ্ৰনাথ শৰ্মাক...

author-image
Asomiya Pratidin
New Update
বিজেপি ৰাষ্ট্ৰীয় নেতৃত্বই অসমৰ পৰা আঁতৰালে ফণীন্দ্ৰনাথ শৰ্মাক...

বিজেপি ৰাষ্ট্ৰীয় নেতৃত্বই অসমৰ পৰা আঁতৰালে ফণীন্দ্ৰনাথ শৰ্মাক...

ডিজিটেল ডেস্কঃ অৱশেষত অসম বিজেপিৰ পৰা আঁতৰিল সাংগঠনিক সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা। অসস বিজেপিৰ সাংগঠনিক দায়িত্বত থকা মহা শক্তিশালী ফণীন্দ্ৰনাথ শৰ্মাক অসমৰ পৰা আঁতৰাই হাৰিয়াণাৰ সাংগঠনিক সম্পাদকৰ দায়িত্ব প্ৰদান কৰা হৈছে। আনহাতে অসমত দলটোৰ নতুন সাংগঠনিক সম্পাদক হিচাপে নিযুক্তি প্ৰদান কৰিছে হাৰিয়ানাৰ পূৰ্বে সাংগঠনিক সম্পাদক জি আৰ ৰবীন্দ্ৰ ৰাজুক।

Advertisment

অসমৰ উপৰিও জি আৰ ৰবীন্দ্ৰ ৰাজুৰ হাতত থাকিব ত্ৰিপুৰাৰো দায়িত্ব। উল্লেখ্য যে, ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে সাংগঠনিক দিশত ব্যাপক সালসলনি কৰিছে। সেই অনুসৰিয়েই অসমৰ সাংগঠনিক সম্পাদক ফণীন্দ্ৰনাথ শৰ্মাক অসমৰ দায়িত্বৰ পৰা অব্যাহতি দি হাৰিয়াণাৰ দায়িত্ব প্ৰদান কৰা হৈছে।

ইফালে অসমৰ সাংগঠনিক দয়িত্ব লাভ কৰা জি আৰ ৰবীন্দ্ৰ ৰাজু বিজেপিৰ সাংগঠনিক ভৱন নিৰ্মাণ কমিটীৰ অধ্যক্ষৰো দায়িত্বত আছে। তেওঁ দীৰ্ঘদিন ধৰি অন্ধ্ৰ প্ৰদেশত প্ৰান্তীয় সাংগঠনিক সম্পাদক হিচাপে দায়িত্ব পালন কৰিছিল।

জি আৰ ৰবীন্দ্ৰ ৰাজুক অসমৰ দায়িত্ব প্ৰদান কৰা আৰু ফণীন্দ্ৰনাথ শৰ্মাক অসমৰ দায়িত্বৰ পৰা অব্যাহতি দিয়াত এতিয়া বিজেপিৰ ভিতৰচৰাৰ একাংশ উৎফুল্লিত হৈ পৰাৰ বিপৰীতে আন একাংশ চিন্তিত হৈ পৰিছে। কিয়নো শেহতীয়াকৈ অসম বিজেপিৰ একাংশ নেতাই মুকলিকৈয়ে অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে ফণীন্দ্ৰনাথ শৰ্মাৰ বিৰুদ্ধেও উত্থাপিত হৈছিল কেতবোৰ গুৰুত্বপূৰ্ণ অভিযোগ।

এনে প্ৰেক্ষাপটত অসম বিজেপিৰ নতুন সাংগঠনিক সম্পাদক জি আৰ ৰবীন্দ্ৰ ৰাজুৱে দলটোৰ ভিতৰচৰাত সৃষ্টি হোৱা বিসম্বাদ সদৃশ পৰিস্থিতিক কিদৰে চম্ভালি অধিক শক্তাশালী কৰে সেয়া হ’ব লক্ষ্যণীয়।  

Also Read: শিলচৰ NIT ৰ হোষ্টলৰ ৩ ৰান্ধনীক ১০/১২ জনীয়া ছাত্ৰৰ দলবদ্ধ আক্ৰমণ...

বিজেপি ফণীন্দ্ৰনাথ শৰ্মা