ঢকুৱাখনাৰ স্বাভিমান চাৰিকঢ়িয়া নৈৰ সংৰক্ষণৰ আহ্বানেৰে সজাগতামূলক সভা

ঢকুৱাখনাৰ স্বাভিমান চাৰিকঢ়িয়া নৈৰ সংৰক্ষণৰ আহ্বানেৰে সজাগতামূলক সভা

ডিজিটেল সংবাদ, ঢকুৱাখনা :  ঢকুৱাখনাৰ স্বাভিমানৰ প্ৰতীক চাৰিকঢ়িয়া নৈক মানৱ সৃষ্ট প্ৰদূষণ আৰু পংকিলতাৰ কৰাল গ্ৰাসৰ পৰা পৰিত্ৰাণ দিয়াৰ মহান আৰু সময়োপযোগী আহ্বানেৰে দেওবাৰে এলানি সজাগতামূলক পথ সভা অনুষ্ঠিত কৰা হয় । অসম বিজ্ঞান সমিতিৰ ঢকুৱাখনা শাখাৰ সহযোগত আৰু অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ উদ্যোগত ঢকুৱাখনাৰ চাৰিকঢ়িয়া নদীৰ অৱবাহিকাত দুখন সজাগতামূলক সভা অনুষ্ঠিত কৰা হয় ।

ঢকুৱাখনাৰ অগ্ৰণী প্ৰকৃতি সংঘ মেগামিক্স প্ৰকৃতি সংঘৰ আতিথ্যত প্রথমে ন কপহুৱা গাঁওৰ চাৰিকঢ়িয়া নদীৰ পাৰত বিশিষ্ট পৰিবেশ সংৰক্ষক, মেগামিক্স প্ৰকৃতি সংঘৰ সমন্বয়ক দেৱজিৎ ফুকন আৰু ডঃ অমল চন্দ্ৰ দত্ত আৰু দ্বিগেন্দ্ৰ নাথ হাজৰিকাৰ উপস্থিতিত অৰ্ধ শতাধিক নেতৃস্থানীয় ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত কৰা হয় সজাগতা মূলক সভা।

ঢকুৱাখনাৰ ইতিহাসবহনকাৰী নদীখনৰ প্ৰকৃতি প্ৰদত্ত নিৰ্মলতা আৰু পৰিশুদ্ধতা অক্ষুন্ন ৰখাৰ ৰাজহুৱা আহ্বানেৰে অনুষ্ঠিত পথ সভাত মৃত্যুমুখী নদীখনৰ সংৰক্ষণৰ লগতে পুনৰুদ্ধাৰৰ বাবে ইয়াৰ অৱবাহিকা অঞ্চলত বাস কৰা নাগৰিকৰ কৰণীয়তা আৰু এই স্পৰ্শকাতৰ বিষয়ৰ সন্দৰ্ভত নাগৰিকৰ দায়বদ্ধতা সন্দৰ্ভত বিশদ ভাবে অৱগত কৰে বিশিষ্ট পৰিবেশ সংৰক্ষক দেৱজিৎ ফুকন আৰু দ্বিগেন্দ্ৰ নাথ হাজৰিকাই ।

ইয়াৰ পৰবৰ্তী সময়ত ঢকুৱাখনা নগৰৰ চাৰিকঢ়িয়া দলংৰ পাৰত অন্যখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। ঢকুৱাখনা নগৰখনৰ লগতে নদীখনৰ পৰিচন্নতা বজাই ৰখা আৰু নগৰখন সেউজীয়াকৰণ কৰাত নগৰৰ নাগৰিক আৰু ব্যৱসায়ী সকলক মূল নায়কৰ ভূমিকাত অৱতীৰ্ণ হোৱাৰ আহ্বানেৰে বক্তব্য ৰাখে দেৱজিৎ ফুকন ,ডঃ অমল চন্দ্ৰ দত্ত , দ্বিগেন্দ্ৰ নাথ হাজৰিকা আৰু পদ্মা বৰাই ।

সভাত নদীৰ বুকুত নিক্ষেপ কৰা প্লাষ্টিকজাত ,বৰ্জিত, প্ৰদূষিত সামগ্ৰীয়ে সৃষ্টি কৰা পাৰিপাৰ্শ্বিক প্ৰতিকূল পৰিবেশৰ পৰা বিৰত থকাৰ ৰাজহুৱা আহ্বান জনোৱা হয়। এইক্ষেত্ৰত পচি যোৱা আৰু পচি নোযোৱা পলিথিন একাকাৰ নকৰি পৃথকে পৃথকে ৰাখি পৌৰ সভাৰ জৰিয়তে বিজ্ঞান সন্মত ভাবে  নিষ্কাশন কৰাৰ আহ্বান জনাই। ইয়াৰ পূৰ্বে কোৱাবাৰী পক্ষী উদ্যানত এক চাফাই অভিযান চলাই পৰিবেশ নিকাকৰণ অভিযান চলাই পৰিবেশ কৰ্মী সকলে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in