/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/fb2d26f1-649c-46d3-a3e9-3db554c053f9/jkljlkjkl.jpg)
ডিজিটেল ডেস্কঃ সোমবাৰৰ পৰা অসম বিধানসভাত অনুষ্ঠিত হ'ব শৰতকালীন অধিৱেশন। ৫ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনত ১৫ছেপ্টেম্বৰত সামৰণি পৰিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/c8c6a24b-b069-45ad-8ce5-cfd633c93a67/948f02c9_61f4_43a3_a5b5_18587e34b94b.jpg)
কাৰ্যসূচী অনুসৰি ১১ ছেপ্টেম্বৰৰ প্ৰথম দিনাৰ কাৰ্যসূচীত ২০২৩-২৪ বৰ্ষৰ পৰিপূৰক মঞ্জুৰী গ্ৰান্ট উত্থাপন কৰা হ'ব। ১৩ ছেপ্টেম্বৰত পৰিপূৰত গ্ৰান্টৰ সন্দৰ্ভত মঞ্জুৰী ভোটিং অনুষ্ঠিত হ'ব। ইয়াৰোপৰি ১৪ ছেপ্টেম্বৰত কেইবাখনো চৰকাৰী বিধায়ক উত্থাপন হোৱাৰ সম্ভাৱণা আছে।
উত্থাপন হ'বলগীয়া বিধায়কসমূহৰ ভিতৰত পঞ্চায়তী আইন-১৯৯৪ সংশোধনী বিধেয়কখনো থাকিব পাৰে। এই আইন সংশোধন কৰি গাঁও পঞ্চায়তৰ নিৰ্বাচন প্ৰতীকবিহীন কৰাকে ধৰি ভালেমান সংস্কাৰৰ ব্যৱস্থা কৰা হ'ব পাৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/bd8a78f5-0d53-458c-a5d6-83c71ba2a61f/a254d159_25bb_4ece_911c_aeec1ba0e096.jpg)
ইতিমধ্যে সজাই পৰাই তোলা হৈছে অসম বিধানসভা ভৱন। ভিতৰে-বাহিৰে অনেক ৰূপসজ্জা কৰি আটকধুনীয়া কৰা হৈছে অসম বিধান সভা। উল্লেখ্য যে, ৩০ জুলাইত অসম বিধান সভাই স্থায়ী ঠিকনা লাভ কৰিছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us