স্বচ্ছ নিযুক্তি ! জালুকবাৰীৰ ৫৬ বছৰীয়া লোকেও পালে স্বাস্থ্য বিভাগৰ চাকৰি !

জালুকবাৰীৰ ৫৬ বছৰীয়া লোকেও পালে স্বাস্থ্য বিভাগৰ চাকৰি !
জালুকবাৰীৰ ৫৬ বছৰীয়া লোকেও পালে স্বাস্থ্য বিভাগৰ চাকৰি !

ডিজিটেল ডেস্কঃ স্বচ্ছ আৰু নিকা পদ্ধতিৰে ৰাজ্য চৰকাৰে নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰি বিভিন্ন বিভাগত ইতিমধ্যে কেইবা হাজাৰো নিবনুৱাক সংস্থাপন দিয়া বুলি দাবী কৰি আহিছে যদিও শেহতীয়াকৈ অসম জাতীয় পৰিষদে ৰাজ্য চৰকাৰৰ এই নিযুক্তি প্ৰক্ৰিয়াত কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰাই নহয়, কেতবোৰ তথ্যও ৰাজহুৱা কৰিছে। অসম জাতীয় পৰিষদে ৰাজ্য চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াত সংঘটিত হোৱা অনিয়মৰ বাবেই ৫৬ বছৰীয়া লোকেও নিযুক্তি লাভ কৰাৰ অভিযোগ উত্থাপন কৰিছে।

অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই স্বাক্ষৰ কৰা এক বিবৃতিত চৰকাৰী চাকৰিৰ বাবে নিৰ্ধাৰিত বয়সৰ উচ্চতম সীমা অতিক্ৰম কৰাৰ পাছতো জালুকবাৰী সমষ্টিৰ বহু কেইজন লোকে নিযুক্তি লাভ কৰাৰ অভিযোগ উত্থাপন কৰিছে। ইয়াৰোপৰি সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াটোক লৈও প্ৰশ্ন উত্থাপন কৰিছে।

দলটোৰ উল্লেখ কৰা তথ্য অনুসৰি জালুকবাৰী সমষ্টিৰ জোণালী ভড়ালী দাস, নিপজ্যোতি বৈশ্য ওৰফে সঞ্জীৱ বৈশ্য, হৰকান্ত বৈশ্য, চৈতেন্দ্ৰ দাস, অজিত দাস নামৰ লোক কেইজনৰ বয়স উকলি যোৱাৰ পাছতো শেহতীয়াকৈ নিযুক্তি লাভ কৰিছে। ৪৮ বছৰীয়া জোণালী ভড়ালী দাসে লখিমপুৰ মেডিকেল কলেজত নিযুক্তি লাভ কৰিছিল যদিও অদৃশ্য শক্তিৰ কৃপাত শুৱালকুচি মহাত্মা গান্ধী এফ আৰ ইউত কৰ্মৰত হৈ আছে।

আনহাতে ৪৬ বছৰীয়া নিপজ্যোতি বৈশ্যই জি এম চি এইছত গাড়ী চালক, ৫৬ বছৰীয়া হৰকান্ত বৈশ্যই ডিব্ৰুগড়ৰ এ এম চি এইছত, ৫১ বছৰীয়া চৈতেন্দ্ৰ দাসে লখিমপুৰ মেডিকেল কলেজত আৰু ৫৬ বছৰীয়া অজিত দাসে তেজপুৰ মেডিকেল কলেজত নিযুক্তি লাভ কৰিছে। ইয়াৰোপৰি জালুকবাৰী সমষ্টিৰ অন্তৰ্গত প্ৰায় সকলো মণ্ডল বিজেপিৰ সভাপতিৰ পৰিয়ালৰ লোকে যোৱা ৩ বছৰত চৰকাৰী চাকৰি লাভ কৰা বুলিও অভিযোগ কৰিছে দলটোৱে।

শেহতীয়াকৈ সম্পন্ন হোৱা নিযুক্তি প্ৰক্ৰিয়াত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কেলেংকাৰী হোৱা নাই বুলি দাবী কৰাৰ লগতে স্বচ্ছ আৰু নিকাভাৱে চাকৰি প্ৰদান কৰা হৈছে বুলি কৈ ইয়াত অনিয়ম সংঘটিত হোৱা বুলি কোৱাসকলৰ পাপ লাগিব বুলি মন্তব্য কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰতে দলটোৱে এই তথ্য ৰাজহুৱা কৰি বিবৃতিত কয়, ''আমি কৈছো যে স্বচ্ছ আৰু নিকাৰ পৰিভাষা বেলেগ। টকা খাই চাকৰি প্ৰদান কৰাটো হ'ল এক প্ৰকাৰৰ দুৰ্নীতি-অনিয়ম আৰু টকা নাখাই বেআইনীভাৱে চাকৰি প্ৰদান কৰাটোও এটা দুৰ্নীতি-অনিয়ম।

ইয়াৰোপৰি দলটোৱে চাকৰি প্ৰদানত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন কৰি কিদৰে চৰকাৰেই অনিয়ম সংঘটিত হোৱাৰ সুৰোঙাবোৰ মুকলি কৰি থৈছে বুলি উল্লেখ কৰি কেইবাটও প্ৰশ্ন উত্থাপন কৰিছে। যিসকলে চাকৰি পাইছে তেওঁলোকৰ নামৰ তালিকা ৰাজহুৱা কৰিছিলনে? কিমান নম্বৰ পাইছে, চাকৰি নোপোৱাসকলে কিমান নম্বৰ পাইছিল, নিযুক্তি পৰীক্ষাৰ কাট অফ মাৰ্ক কিমান আছিল সেই বিষয়ে তথ্য ৰাজহুৱা কৰিছিল নে নাই সেই বিষয়ে প্ৰশ্ন উত্থাপন কৰিছে।

ইয়াৰোপৰি একোজন চাকৰি প্ৰাৰ্থীয়ে ২০/২১ টা পদত উত্তীৰ্ণ হোৱাৰ তথ্য প্ৰকাশ পোৱাৰ কথা উল্লেখ কৰি দলটোৱে তেনে প্ৰাৰ্থীয়ে যোগদান নকৰা পদসমূহৰ কি হ'ল, ৱেইটিং লিষ্ট নথকাৰ বাবে সেই পদসমূহত কোনে নিযুক্তি লাভ কৰিলে বুলি প্ৰশ্ন উত্থাপন কৰি এই বিষয়বোৰ স্পষ্ট নহয় বুলিও দাবী কৰিছে।

দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি কেলেংকাৰী তথ্য দিবলৈ সদনৰ পৰা আহ্বান জনাইছিল বুলি উল্লেখ কৰি কয়, মুখ্যমন্ত্ৰীৰ আহ্বান মতে তথ্য প্ৰদান কৰিলোঁ৷ এতিয়া মুখ্যমন্ত্ৰীয়ে নিজৰ কথাৰ মূল্য ৰাখি তদন্ত ঘোষণা কৰাৰ সাহস দেখুৱাওক৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in