প্ৰাকৃতিক কৃষিৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ অভিলাসী পদক্ষেপ

প্ৰাকৃতিক কৃষিৰ ক্ষেত্ৰত অভিলাসী পৰিকল্পনাৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰিক কৃষি ব্যৱস্থাৰ উত্তৰণৰ বাবে দেশৰ ভিতৰতে অগ্ৰনী পদক্ষেপ হাতত লৈছে অসম কৃষি বিশ্ববিদ্যালয়ে

author-image
Asomiya Pratidin
New Update
প্ৰাকৃতিক কৃষিৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ অভিলাসী পদক্ষেপ

ডিজিটেল সংবাদ,যোৰহাট : প্ৰাকৃতিক কৃষিৰ ক্ষেত্ৰত অভিলাসী পৰিকল্পনাৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰিক কৃষি ব্যৱস্থাৰ উত্তৰণৰ বাবে দেশৰ ভিতৰতে অগ্ৰনী পদক্ষেপ হাতত লৈছে অসম কৃষি বিশ্ববিদ্যালয়ে। আগন্তুক বৰ্ষতে এই দিশত পাঁচটাকৈ ভিন্ন মুখী পৰিকল্পনাৰে প্ৰাকৃতিক কৃষিৰ জৰিয়তে কৃষি সম্পদ বৃদ্ধি আৰু উত্তৰণৰ প্ৰয়াস কৰিব ।

Advertisment

নৱবৰ্ষ উপলক্ষে অসম কৃষি বিশ্ববিদ্যালয় পৰিয়ালক সম্বোধন কৰি এই অভিলাসী পৰিকল্পনাৰ বিষয়ে প্ৰকাশ কৰে উপাচাৰ্য ড: বিদ্যুৎ চন্দন ডেকাই। যোৰহাটৰ বিশ্ববিদ্যালয়ৰ মুল চৌহদৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত আয়োজিত এই কাৰ্যসূচীত উপাচাৰ্য গৰাকীয়ে লগতে এই বিষয়ে প্ৰকাশ কৰি কয় যে সৰ্বমুঠ প্ৰায় ১ কোটি টকা ব্যয় সাপেক্ষে এই পৰিকল্পনা কৰা হৈছে ।

ইয়াৰ বাবে চাৰিটা বা পাঁচটা বিশেষ গোটত প্ৰত্যেকতে ২০-২৫ লাখ টকা পুজি ব্যয় হ'ব। সামগ্ৰিকভাৱে ইয়াৰ জৰিয়তে বহুমুখী উন্নয়ন সাধিব পৰা সম্পদ সৃষ্টিৰ বাবে প্ৰয়াস কৰা হৈছে। তদুপৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষণ আৰু মানাংকন পৰীক্ষাগাৰৰ বাবে ৰাষ্ট্ৰীয় স্বীকৃতি ব’ৰ্ডৰ অনুমোদিত ৪ টা পৰীক্ষাগাৰ স্থাপনৰ বাবে সিদ্ধান্ত লোৱা হৈছে।

সম্পূৰ্ণ অত্যাধুনিক এই পৰীক্ষাগাৰৰ জৰিয়তে শেহতীয়া প্ৰযুক্তিগত সকলো পৰীক্ষনৰ জৰিয়তে সকলো স্তৰৰ শিক্ষাৰ্থী আৰু গৱেষক বিজ্ঞানী সকল উপকৃত হ'ব। অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তপন কুমাৰ গোহাঁইয়ে আত ধৰা এই অনুষ্ঠানত উপাচাৰ্য ড: ডেকাই অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৰাজ্যৰ বিভিন্ন স্থানত থকা ৪৩ টা কৃষি শিক্ষা, গৱেষণা আৰু সম্প্ৰসাৰণ গোটৰ আন্তঃগাথঁনিৰ উন্নয়নেৰে শেহতীয়া অত্যাধুনিক ব্যৱস্থাৰে উত্তৰণ ঘটোৱা হ'ব বুলি সদৰি কৰে।

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা ৫৪ টা ভিন্নমুখী পাঠ্যক্ৰমেৰে বিশ্ববিদ্যালয়ৰ মুক্ত আৰু দুৰশিক্ষা ব্যৱস্থা পাঠ্যক্ৰম আৰম্ভ হ'ব বুলি প্ৰকাশ কৰে। বিশ্ববিদ্যালয়ে নিজৰ "এ এ ইউ ছিলেক্ট" ব্ৰেণ্ডত শেহতীয়াকৈ জি আই টেগ লাভ কৰা গামোচাৰ উৎপাদন কৰিব বুলি ঘোষণা কৰে। সমান্তৰালভাৱে বিশ্ববিদ্যালয়ে নিজা আয় বৃদ্ধিৰ বাবে সামুহিক বিজ্ঞান মহাবিদ্যালয়ৰ জৰিয়তে মানসম্মত খাদ্য সামগ্ৰীৰ উৎপাদন কৰি দিনটোত ২৪ ঘন্টাই খোলা থকা বিপনীৰ ব্যৱস্থা কৰাৰ বাবে পদক্ষেপ হাতত ল'ব বুলি প্ৰকাশ কৰে।

গৱেষণাৰ দিশত নতুন বৰ্ষতে ৫ টা নতুন খাদ্যশস্যৰ অনুমোদিত জাত আৰু ৫ খনকৈ গৱেষণাৰ জৰিয়তে উদ্ভাৱনী লাইচেন্স লাভ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে।

এই অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ মহাগাণনিক ড: নিলোৎপল বৰঠাকুৰ, কৃষি গৱেষণা সঞ্চালক ড: অশোক ভট্টাচাৰ্য ,কৃষি বিজ্ঞানগুৰু ড: জয়ন্ত ডেকা, সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড: প্ৰসন্ন কুমাৰ পাঠক, স্নাতকোত্তৰ শিক্ষা সঞ্চালক ড: অনুপ কুমাৰ দাস, মুখ্য গ্ৰন্থাগাৰিক ড: চন্দন হাজৰিকা , সামুহিক বিজ্ঞানগুৰু ড: মামণি দাস প্ৰমুখ্যে বিশ্ববিদ্যালয়ৰ মুৰব্বী অধ্যাপকসকল, গৱেষক- বিজ্ঞানী সকল , কৰ্মচাৰীসকল আৰু ছাত্ৰ- ছাত্ৰী সকল উপস্থিত থাকে ।

আৰু পঢ়ক: পঞ্চম অসম প্ৰীমিয়াৰ ক্লাৱ চেম্পিয়নশ্বিপ; ওদালগুৰি টাউন স্প'ৰ্টছ ক্লাৱৰ জয়

assam jorhat