অসমীয়া যুৱ মঞ্চৰ ধেমাজি-লখিমপুৰ জিলা বন্ধ প্ৰত্যাহাৰ...

অসম-অৰুণাচল প্ৰদেশৰ ভূমি আৰু সীমা বিবাদক কেন্দ্ৰ কৰি দুই চুবুৰীয়া ৰাজ্যৰ মাজত জটিল পৰিৱেশ

author-image
Asomiya Pratidin
New Update
অসমীয়া যুৱ মঞ্চৰ ধেমাজি-লখিমপুৰ জিলা বন্ধ প্ৰত্যাহাৰ...

ডিজিটেল সংবাদ, ঢকুৱাখনা : অসম-অৰুণাচল প্ৰদেশৰ ভূমি আৰু সীমা বিবাদক কেন্দ্ৰ কৰি দুই চুবুৰীয়া ৰাজ্যৰ মাজত লখিমপুৰ আৰু ধেমাজি জিলাত অৱধাৰিত ভাবে সৃষ্টি হৈ আহিছে জটিল আৰু হিংসাত্মক পৰিস্থিতি। দুই ৰাজ্যৰ মাজত দেখা দিয়া এনে স্পৰ্শকাতৰ সমস্যা সন্দৰ্ভত ৰাজ্য চৰকাৰ সমূহে প্রদর্শন কৰি অহা বেপৰোৱা মনোভাৱ আৰু শেহতীয়া ভাবে ধেমাজি জিলাত সংঘটিত হিংসাত্মক কাৰ্যৰ প্ৰতিবাদত অসমীয়া যুৱ মঞ্চই বৃহস্পতি বাৰে পুৱা ৫ বজাৰ পৰা আহ্বান কৰিছিল ১২ ঘণ্টীয়া ধেমাজি আৰু লখিমপুৰ জিলা বন্ধ কাৰ্যসূচী ।

Advertisment

পিছে বৃহত্তৰ অসমীয়া জাতি আৰু ভৌগলিক অখণ্ডতা সুৰক্ষিত কৰাৰ স্বাৰ্থত আহ্বায়িত এই বন্ধ কাৰ্যসূচী বাতিল কৰিছে কেন্দ্ৰীয় সমিতিয়ে। বুধবাৰে নিশা ৯-৩০ বজাত  ধেমাজি জিলা আৰু লখিমপুৰ জিলা আৰক্ষী প্ৰশাসনৰ সৈতে কেন্দ্ৰীয় সমিতিৰ  নেতৃবৰ্গৰে হোৱা বৈঠকৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ধৰ্মকান্ত গগৈয়ে "অসমীয়া প্ৰতিদিন ডিজিটেল"ক জানিবলৈ দিয়ে ।

বৈঠকত আৰক্ষী প্ৰশাসনে জনোৱা মতে, ইতিমধ্যে ধেমাজি পানবাৰী কাণ্ডৰ সতে জড়িত ৫ জনকৈ ব্যক্তিক অৰুণাচল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু বিধিগত প্ৰক্ৰিয়াৰ অন্তত অসম আৰক্ষীলৈ ধৃত অপৰাধী সকলক হস্তান্তৰ কৰিব। অনাগত প্ৰায় ৫ দিনৰ ভিতৰতে অৰুণাচল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অপৰাধীসকলক গোগামুখ আৰক্ষী থানাত পঞ্জীভূত গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰি বিভাগীয় তদন্ত কৰা হ'ব।

তাৰোপৰি লখিমপুৰ আৰু ধেমাজি জিলাৰ সতে অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী বিবাদমান অঞ্চলসমূহত এনে ঘটনাৰ পুনৰাবৃত্তি নহ'বলৈ দুই জিলাৰ আৰক্ষীয়ে  যাৱতীয় কাৰ্য ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে নিয়মীয়া তহল দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব। এই সন্দৰ্ভত বিস্তৃত আলোচনাৰ অন্তত দুয়োখন ৰাজ্যৰ মাজত ঐক্য শান্তি শৃংখলা আৰু ভাতৃত্ববোধ বৰ্তাই ৰখাৰ স্বাৰ্থতে কেন্দ্ৰীয় সমিতিয়ে বৃহস্পতিবাৰে পুৱাৰ পৰা ঘোষণা কৰা ১২ ঘণ্টীয়া ধেমাজি আৰু লখিমপুৰ জিলা বন্ধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰে। 

এই সন্দৰ্ভত যুৱ মঞ্চৰ কেন্দ্ৰীয় সভাপতি যাদৱ গগৈ, কাৰ্যকৰী সভাপতি ধৰ্ম কান্ত গগৈ আৰু সচিব প্ৰধান অনুপম শইকীয়া স্বাক্ষৰিত এক এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে মঞ্চৰ শেহতীয়া পদক্ষেপ ৰাজহুৱা কৰিছে।

Also Read: চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদযাপন...

lakhimpur