ভাওনাক বিকৃত ৰূপত উপস্থাপন কৰাত অসম সত্ৰ মহাসভাৰ উদ্বেগ প্ৰকাশ...

ভাওনাক বিকৃত উপস্থাপন কৰাত অসম সত্ৰ মহাসভাৰ উদ্বেগ প্ৰকাশ ভাওনা কেৱল ব্ৰজাৱলী ভাষাত নিবেদন কৰাৰ আহ্বান

author-image
Asomiya Pratidin
New Update
ভাওনাক বিকৃত ৰূপত উপস্থাপন কৰাত অসম সত্ৰ মহাসভাৰ উদ্বেগ প্ৰকাশ...

ডিজিটেল সংবাদ, ধুবুৰী : অসমৰ বিভিন্ন প্ৰান্তত সম্প্ৰতি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম আৰু অমিয়া সৃষ্টি ভাওনাক অপভ্ৰংশ আৰু বিকৃত ৰূপত উপস্থাপন কৰা কাৰ্যত অসম সত্র মহাসভাই গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। অসম সত্ৰ মহাসভাৰ কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদক কৃষ্ণ গোস্বামী আৰু মহাসভাৰ উত্তৰ-পশ্চিম মণ্ডলৰ সম্পাদক যুগান্ত বায়নে জনোৱা মতে বিগত ৪ এপ্ৰিলত গুৱাহাটী পল্টন বজাৰ স্থিত শ্ৰীমন্ত শংকৰ কৃষ্টি বিকাশ সমিতিৰ কাৰ্যালয়ত এক সভাৰ অনুষ্ঠিত হয়।

Advertisment

মহাসভাৰ প্ৰধান সম্পাদক কুসুম মহন্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ১০টা মণ্ডলৰ সাংস্কৃতিক সম্পাদক সকলৰ যুটীয়া সভাই গুৰুজনাৰ বৰ্ণিল কৃষ্টি সংস্কৃতি বিশেষকৈ ভাওনাক ৰাজ্যখনৰ একাংশ ভক্তপ্ৰাণ লোকে বৈষ্ণৱ সংস্কৃতিৰ পৰম্পৰাৰ পৰা আঁতৰি গৈ বিকৃত কৰাৰ লগতে অপভ্ৰংশৰ শাৰীলৈ অৱনমিত কৰি মনে সজা ধৰণে উপস্থাপন কৰি অসমৰ এই আপুৰুগীয়া সম্পদ সমূহক বিভিন্ন মাধ্যমৰ জৰিয়তে বিশ্ববাসীৰ ওচৰত দাঙি ধৰি সত্ৰীয়া সংস্কৃতিৰ প্ৰকৃত ধাৰাৰ পৰা ৰাইজক বিচ্ছিন্ন কৰিবলৈ চলোৱা অপচেষ্টাক প্ৰতিহত কৰিবলৈ সকলো শ্ৰেণীৰ ৰাইজক আহ্বান জনায়।

শেহতীয়াভাৱে বিহু গীতৰ সুৰত ভাওনা প্ৰদৰ্শন কৰি ভাওনাৰ প্ৰাথমিক আৰু সাৰ্বজনীন বৈশিষ্টক অৱমাননা কৰাৰ বাবে একাংশ লোকে গ্ৰহণ কৰা কাৰ্য অতি নিন্দনীয়। অসম সত্ৰ মহাসভাই গুৰুজনাৰ এই অপূৰ্ব সৃষ্টিৰাজিক ভুল ভাৱে উপস্থাপন কৰিব বিচৰা অনুষ্ঠান সমূহৰ ওপৰত সতৰ্ক দৃষ্টি ৰাখিবলৈ সভাৰ মণ্ডল, জিলা আৰু আঞ্চলিক সমিতিসমূহক আহ্বান জনাইছে। সভাই লগতে ভাওনা কেৱল যাতে ব্ৰজাৱলী ভাষাত নিবেদন কৰা হয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ পক্ষকে আহ্বান জনায়।

Also Read: এইবাৰ পাল ASTC অৰ্থাৎ অসম ৰাজ্যিক পৰিবহণ নিগমৰ...

bhaona satra