সাহিত্য সভাৰ মধ্যকালীন অধিৱেশন: কাৰ্যভাৰ গ্ৰহণ আদৰণি সমিতিৰ...

শতবৰ্ষ গৰকা অসম সাহিত্য সভাৰ ২০২৪ বৰ্ষৰ মধ্যকালীন অধিৱেশন বাৰপূজীয়াত অনুষ্ঠিত হ’ব

author-image
Asomiya Pratidin
New Update
সাহিত্য সভাৰ মধ্যকালীন অধিৱেশন: কাৰ্যভাৰ গ্ৰহণ আদৰণি সমিতিৰ...

ডিজিটেল সংবাদ, বেবেজীয়া : শতবৰ্ষ গৰকা অসম সাহিত্য সভাৰ ২০২৪ বৰ্ষৰ মধ্যকালীন অধিৱেশনখনি অহাবৰ্ষত নগাওঁ-মৰিগাঁও জিলাৰ সীমান্ত বাৰপূজীয়া শতদল শাখা সাহিত্য সভাৰ আমন্ত্ৰণ ক্ৰমে বাৰপূজীয়াত অনুষ্ঠিত হ’ব ৷ ইতিমধ্যে আগন্তুক অসম সাহিত্য সভাৰ মধ্যকালীন অধিৱেশনখনি সফল ৰূপায়নৰ বাবে বাৰপূজীয়া শতদল শাখা সাহিত্য সভাই মৰিগাঁও জিলা সাহিত্য সভা, নগাঁও জিলা সাহিত্য সভা আৰু হোজাই জিলা সাহিত্য সভাৰ সহযোগত এখন শক্তিশালী আদৰণি সমিতি গঠন কৰি পূৰ্ণ প্ৰস্তুতি চলোৱা পৰিলক্ষিত হয়।

Advertisment

এই ক্ষেত্ৰত দেওবাৰে বাৰপূজীয়া শতদল শাখা সাহিত্য সভাৰ কাৰ্যালয়ত আদৰণি সমিতি কাৰ্যভাৰ গ্ৰহণৰ এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হয় ৷ বাৰপূজীয়া শাখা সাহিত্য সভাৰ সভাপতি ডাঃ প্ৰদীপ কুমাৰ ডেকাৰ সঞ্চালনাত অনুষ্ঠিত সভাখনিত উপস্থিত থাকে মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ শইকীয়া, জিলা সাহিত্য সভাৰ সম্পাদক ড° অচ্যুত দাস, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য তথা মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পিনাকী ভূষণ মহন্ত। লগতে অসম সাহিত্য সভাৰ মধ্যকালীন বাৰপূজীয়া অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি হেমন্ত কুমাৰ দেউৰী আৰু আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি ডঃ বিৰিঞ্চি কুমাৰ শৰ্মাও উপস্থিত থাকে ৷

উল্লেখ যে এই সভাতে আগন্তুক অসম সাহিত্য সভাখনি সাফল্যমণ্ডিত কৰি তুলিবলৈ আদৰণি সমিতিয়ে আনুষ্ঠানিক ভাৱে দায়িত্ব গ্ৰহণ কৰে ৷

Also Read: আই নামৰ ধ্বনিৰে মুখৰিত হ'ল শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ প্ৰাংগণ...

asom sahitya sabha