অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কাজিৰঙা আঞ্চলিক সমিতি গঠন

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কাজিৰঙা আঞ্চলিক সমিতি গঠন

ডিজিটেল সংবাদ, কাজিৰঙা : অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কাজিৰঙা আঞ্চলিক সমিতিখন দেওবাৰে গঠন কৰা হয় ৷ কাজিৰঙা বনবিভাগৰ পৰমানন্দ লাহন সভাগৃহত অনুষ্ঠিত এখন সভাত কাজিৰঙাৰ ৬খন শাখা সমিতিৰ উপস্থিতিত সমিতিখন গঠন কৰা হয় ৷

যুৱ-ছাত্ৰ পৰিষদৰ কাজিৰঙা আঞ্চলিকৰ আহ্বায়ক সঞ্জীৱ দত্তই আঁত ধৰা সভাখনত সভাপতিত্ব কৰে সংগঠনটোৰ বোকাখাত জিলা সমিতিৰ সভাপতি নিলোৎপল খাউণ্ডে ৷ জিলা সমিতিৰ সম্পাদক প্ৰাঞ্জল ভৰালীয়ে উদ্দেশ্য ব্যাখ্যা কৰি কয় যে যুৱ-ছাত্ৰৰ কাজিৰঙা আঞ্চলিকৰ পূৰ্বৰ সমিতিখন কাৰ্যক্ষেত্ৰত কিছু দুৰ্বল হোৱাৰ বাবেই সমিতিখন ভংগ কৰি নতুন সমিতিখন গঠন কৰাৰ পৰিকল্পনা কৰা হৈছে ৷

তেওঁ উদ্দেশ্য ব্যাখ্যাৰ যোগেদি সকলোকে অসমৰ ৰাইজৰ স্বাৰ্থত কাম কৰি যাবলৈ আহ্বান জনায় ৷ উদ্দেশ্য ব্যাখ্যাৰ পিচতে যুৱ-ছাত্ৰ পৰিষদৰ পূৰ্বৰ জিলা সভাপতি দেৱকান্ত গগৈৰ অকাল বিয়োগৰ বাবে এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয় ৷ ইয়াৰ পিচতে সভাপতি খাউণ্ডে কয় কাজিৰঙাৰ ওপৰত সকলোৰে চকু থাকে ৷ অসমৰ ৰাইজৰ মধ্যমণি কাজিৰঙাৰ আঞ্চলিক সমিতিখন পূৰ্বতে অধিক শক্তিশালী আছিল ৷ কিন্তু, পৰৱৰ্তী সময়ত এয়া দুৰ্বল হৈ পৰে ৷

গঠন কৰিবলগীয়া আঞ্চলিক সমিতিখন যাতে অধিক শক্তিশালী ৰূপত তুলি ধৰিব পাৰি তাৰ বাবেই কাজিৰঙাৰ দুগৰাকী সাংবাদিক ধ্ৰুৱজ্যোতি সাহা আৰু বিতোপন মাজিক উপদেষ্টা হিচাপে সমিতিখনলৈ আমন্ত্ৰণ কৰি অনা হয় ৷ দুয়োকে একোখনকৈ গামোচাৰে আদৰণি জনাই যুৱ-ছাত্ৰৰ কাজিৰঙা আঞ্চলিকৰ সমূহ বিষয় পৰ্যবেক্ষণ কৰিবলৈ অনুৰোধ জনায় ৷

ইয়াৰ পিচতেই সাংবাদিক ধ্ৰুৱজ্যোতি সাহাই সভাত শুভেচ্ছামূলক বক্তব্য আগবঢ়াই কয় যে কাজিৰঙা তথা অসমৰ জনগণৰ লগতে বন্যপ্ৰাণী আৰু পৰিৱেশ সুৰক্ষাৰ বাবে সকলো পক্ষই কচৰৎ কৰাটো উচিত ৷ আনহাতে, উঠি অহা প্ৰতিনিধিসকলে অধ্যয়ন কৰিবই লাগিব ৷

সংগ্ৰাম আৰু অধ্যয়ন দুয়োটাই সমান্তৰালভাৱে চলাই নিব পাৰিলেহে সমাজে সুফল পাব ৷ ইয়াৰ পিচতেই সভাত যুৱ-ছাত্ৰৰ কেন্দ্ৰীয় সমিতিৰ বিষয়-ববীয়া বিপুল বৰা, মহেশ্বৰ গগৈয়ে বক্তব্য আগবঢ়ায় ৷

কেন্দ্ৰীয় সমিতিৰ বিপুল বৰাই উঠি অহা প্ৰজন্মৰ প্ৰতিনিধিসকলক আগন্তুক দিনত দেশ আৰু জাতিৰ বাবে কাম কৰি যাবলৈ উৎসাহ দিয়ে ৷ বোকাখাত জিলা সমিতিৰ তথ্য আৰু যোগাযোগ বিভাগ তথা আজিৰ সভাৰ আন এগৰাকী পৰ্যবেক্ষকৰ দায়িত্বত থকা অধিবক্তা কিশোৰ ছেত্ৰীয়ে কয় যে এক আপোচবিহীন সংগ্ৰাম অব্যাহত ৰখা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ পৰৱৰ্তী সময়ৰ কাজিৰঙা আঞ্চলিক সমিতিয়েও স্বদেশ আৰু স্বজাতিৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা কৰিব লাগিব ৷

নৱ প্ৰজন্মৰ প্ৰতিনিধিসকলে সংসদীয় ৰাজনীতিৰ পৰা আঁতৰি থাকি নিজৰ লগতে জনগণৰ অধিকাৰ কাঢ়ি অনাৰ স্বাৰ্থত সুস্থ আৰু সবলভাৱে নেতৃত্ব ল’বলৈয়ো তেওঁ আহ্বান জনায় ৷ ইয়াৰ পিচতে কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ একাংশ বিষয়-ববীয়াৰ উপস্থিতিত মণ্টু ঘাটোৱালক সভাপতি আৰু নিৰ্মল শইকীয়াক সম্পাদক হিচাপে লৈ এখন ২৫ জনীয়া সমিতি গঠন কৰে।

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কাজিৰঙা আঞ্চলিক সমিতি গঠন
অসম সাহিত্য সভাৰ যুক্তৰাজ্য শাখাৰ ৰূপালী জয়ন্তী অধিবেশন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in