/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/8c162ac3-8118-4cc9-a58f-e222a20dcd51/140.jpg)
ডিজিটেল ডেস্ক : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সমন্বয় বাৰ্তাৰে বৃহস্পতিবাৰে ধুবুৰীৰ পৰা আৰম্ভ হ'ব অসম জাতীয় পৰিষদৰ 'এক অসম যাত্ৰা' কাৰ্য্যসূচী। অসম জাতীয় পৰিষদৰ উদ্যোগত হ'ব লগা এই কাৰ্য্যসূচীৰ প্ৰাকমুহূৰ্ত্তত অ.জা.পৰ সভাপতি লুৰীণজ্যোতি গগৈ,সাধাৰণ সম্পাদক জগদীশ ভূঞাকে ধৰি দলীয় নেতৃবৰ্গই মধুপুৰ সত্ৰত শৰাই আগবঢ়াই সেৱা-প্ৰাৰ্থনা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/4394b06c-b63a-4f0d-9c9e-b419a0383c93/380266729_863676371794452_6113754778602738344_n.jpg)
নেতৃবৰ্গই জানিবলৈ দিয়া অনুসৰি শংকৰদেৱ-মাধৱদেৱে দেখুৱাই যোৱা শান্তি-সম্প্ৰীতি,একতা তথা সমন্বয়ৰ বাটেৰে আগুৱাই যোৱাৰ বাবে সংকল্প লয়। ৩টা পৰ্যায়ত আৰম্ভ কৰা হ'ব শীৰ্ষক পদযাত্ৰা। বৃহস্পতিবাৰে প্ৰথম পৰ্যায়ৰ 'এক অসম যাত্ৰা' নামেৰে আৰম্ভ হ'ব লগা পদযাত্ৰা আৰম্ভ হ'ব ধুবুৰীৰ পৰা আৰু অন্ত পৰিব শদিয়াত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/efebae55-9276-4577-92bb-be3b53fb7343/381098651_863768215118601_333100687742528081_n.jpg)
প্ৰায় ডেৰ-দুমাহ ধৰি এই যাত্ৰা অৱ্যাহত থাকিব। আনহাতে মুখপাত্ৰ জিয়াউৰ ৰহমানে জানিবলৈ দিয়ে যে, প্ৰথম পৰ্যায়ত ধুবুৰীৰ পৰা শদিয়ালৈ এই যাত্ৰা কৰা হ'ব। দ্বিতীয় পৰ্যায়ত ধেমাজিৰ পৰা উত্তৰ অসম হৈ মাজুলী,লখিমপুৰ,তেজপুৰ,দৰং,গুৱাহাটী হৈ দক্ষিণ শালমাৰাত উপস্থিত হ'ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/b823d45b-786a-4576-869e-8b6baa9d128f/380648265_863614395133983_4894252113190282981_n.jpg)
ইফালে অন্তিম তথা তৃতীয় পৰ্যায়ত হোজাইৰ পৰা যাত্ৰা আৰম্ভ কৰি বৰাকৰ ৩খন জিলা স্পৰ্শ কৰি এই যাত্ৰাৰ অন্ত পৰিব।
Also Read: আৰক্ষীৰ জালত ৩ লক্ষাধিক জালনোটসহ সৰবৰাহকাৰী