ভূপেন বৰাক আক্ৰমণৰ ঘটনাক অসম জাতীয় পৰিষদৰ গৰিহণা

বিজেপিৰ কৰ্মী-সমৰ্থকে শোণিতপুৰ জিলাৰ জামুগুৰিহাটত ৰাহুল গান্ধীৰ যাত্ৰা পথত বিধি পথালি দিবলৈ অহাটো দুৰ্ভাগ্যজনক : অসম জাতীয় পৰিষদ
ভূপেন বৰাক আক্ৰমণৰ ঘটনাক অসম জাতীয় পৰিষদৰ গৰিহণা

ডিজিটেল সংবাদ,গুৱাহাটী : কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ 'ভাৰত জোড়ো ন্যায় যাত্ৰা'ত বিধিপথালি দিবলৈ চেষ্টা কৰা বিজেপি সমৰ্থকে দেওবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা বিৰোধী ঐক্যমঞ্চ, অসমৰ সভাপতি ভূপেন বৰাক শাৰিৰীকভাৱে আক্ৰমণ কৰা ঘটনাক এক মুখে গৰিহণা দিয়ে অসম জাতীয় পৰিষদে ৷ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক বিবৃতিত কয় যে দেশজোৰা এটা যাত্ৰাৰ অংশ স্বৰূপে অসমলৈ অহা ৰাহুল গান্ধীৰ উক্ত যাত্ৰা সুচল কৰি দিয়াটো ৰাজ্য চৰকাৰৰ দায়িত্ব ৷

কিন্তু তাকে নকৰি চৰকাৰ-প্ৰশাসনে যাত্ৰাত বিধি পথালি দিয়াৰ অহৰহ প্ৰচেষ্টা চলাই থকাটো ৰাইজে দেখিছে ৷ তাৰ মাজতে আজি বিজেপিৰ কৰ্মী-সমৰ্থকে শোণিতপুৰ জিলাৰ জামুগুৰিহাটত ৰাহুল গান্ধীৰ যাত্ৰা পথত বিধি পথালি দিবলৈ অহাটো দুৰ্ভাগ্যজনক ৷

আনহাতে তাৰে একাংশই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ওপৰত আক্ৰমণ কৰাৰ ফলত নেতাগৰাকীৰ নাকেৰে ৰক্তক্ষৰণ হয় ৷ এয়া অক্ষমনীয় অপৰাধ ৷ জাতীয় পৰিষদে উক্ত আক্ৰমণৰ ঘটনাক গৰিহণা দিয়াৰ লগতে দোষী ব্যক্তিকেইজনক তৎকালে গ্ৰেপ্তাৰ কৰিবলৈ দাবী উত্থাপন কৰে ৷

ভূপেন বৰাক আক্ৰমণৰ ঘটনাক অসম জাতীয় পৰিষদৰ গৰিহণা
কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীৰে গহপুৰত বিৰোধী দলৰ গুৰুত্বপূৰ্ণ বৈঠক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in