হস্তক্ষেপ বিচাৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ অসম জাতীয় পৰিষদৰ...

’বিজ্ঞান আৰু গণিতৰ পাঠ্যপুথি ইংৰাজীত ছপাই ৰাষ্ট্ৰীয় শিক্ষা নীতি ভংগ কৰিছে ৰাজ্য চৰকাৰে’
হস্তক্ষেপ বিচাৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ অসম জাতীয় পৰিষদৰ...

ডিজিটেল সংবাদ, গুৱাহাটী: ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে গণিত আৰু বিজ্ঞানৰ পাঠ্যপুথি ইংৰাজী ভাষাত ছপা আৰু বিতৰণ কৰি ৰাষ্ট্ৰীয় শিক্ষা নীতি ভংগ কৰাৰ অভিযোগ উত্থাপন কৰি এই সন্দৰ্ভত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে অসম জাতীয় পৰিষদে৷ জাতীয়তাবাদী আঞ্চলিক দলটোৰ মতে, যি সময়ত ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত মাতৃভাষা তথা আঞ্চলিক ভাষাত শিক্ষা প্ৰদানত গুৰুত্ব দিছে, তেনে সময়ত অসম চৰকাৰে মাতৃভাষা শিক্ষাৰ বিপৰীতে স্থিতি গ্ৰহণ কৰাটো ৰহস্যজনক৷ গতিকে এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে দলটোৱে৷

উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে অহা ১ এপ্ৰিলৰ পৰা আৰম্ভ হ’বলগা নতুন শিক্ষা বৰ্ষৰ পৰা মাতৃভাষা মাধ্যমৰ ৰাজহুৱা খণ্ডৰ বিদ্যালয়সমূহৰ বিজ্ঞান আৰু গণিত বিষয়ৰ পাঠদান ইংৰাজী ভাষাতে কৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰাক লৈ ইতিপূৰ্বে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ অসম জাতীয় পৰিষদকে ধৰি ৰাজ্যৰ প্ৰায়কেইটা ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠন তথা শিক্ষক সংগঠনসমূহে তাৰ তীব্ৰ বিৰোধিতা কৰিছিল ৷ কিন্তু তেনে বিৰোধিতাক আওকান কৰি শিক্ষা বিভাগে অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ জৰিয়তে বিজ্ঞান আৰু গণিত বিষয়ৰ পাঠ্যপুথিসমূহ ইংৰাজী ভাষাতে প্ৰণয়ন আৰু মুদ্ৰণ কৰি ইতিমধ্যে চৰকাৰী বিদ্যালয়সমূহত বিতৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷

শুকুৰবাৰে অসম জাতীয় পৰিষদে চৰকাৰৰ উক্ত পদক্ষেপৰ তীব্ৰ বিৰোধিতা কৰি ভাৰতৰ প্ৰধান মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰে ৷ দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই স্বাক্ষৰ কৰা পত্ৰখনত দলটোৱে কয় যে, ৰাষ্ট্ৰীয় শিক্ষা নীতিত পাঠ্যক্ৰমৰ মাধ্যম হিচাপে মাতৃভাষাক সৰ্বাধিক গুৰুত্ব দিয়া হৈছে ৷ মাতৃভাষাত শিক্ষা প্ৰদান কৰাটো ছাত্ৰ-ছাত্ৰীৰ মানসিক পৰিপুষ্টি সাধনৰ উৎকৃষ্ট উপায় বুলি ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে বিভিন্ন ৰাজহুৱা মঞ্চত বহুবাৰ প্ৰকাশ কৰিছে ৷

সেয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতিত মাতৃভাষা কিম্বা আঞ্চলিক ভাষাত শিক্ষা প্ৰদানৰ ওপৰত গুৰুত্ব দিয়া বুলি প্ৰধানমন্ত্ৰীয়ে কৈ আহিছে ৷ কেন্দ্ৰীয় চৰকাৰৰ এনে স্পষ্ট নীতি থকাৰ পিছতো অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰ তথা ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বিপৰীতে স্থিতি গ্ৰহণ কৰাটো ৰহস্যজনক বুলি উল্লেখ কৰি দলটোৱে এই বিষয়টোত হস্তক্ষেপ কৰিবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰীক আহ্বান জনায়৷

হস্তক্ষেপ বিচাৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ অসম জাতীয় পৰিষদৰ...
অসমীয়া খাদ্য খাই বিচাৰকৰ প্ৰশংসা: ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল নয়নজ্যোতি...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in