প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়ালৈ 'অসম গৌৰৱ' বঁটা

নিজৰ শক্তি আৰু সামৰ্থৰ ভিতৰত থাকি প্ৰত্যেকজন মানুহেই যদি দেশ ,সমাজ আৰু জাতিটোৰ কাৰণে যিয়ে যেনেকৈ পাৰে কিবা কিঞ্চিত হ'লেও অৱদান আগবঢ়াই যাব পাৰে,তেতিয়াই মানুহ হিচাপে জন্ম গ্ৰহণ কৰাৰ ক'ৰবাত এটা সাথৰ্কতা থাকে
প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়ালৈ 'অসম গৌৰৱ' বঁটা

ডিজিটেল সংবাদ , বঢ়মপুৰ :" নিজৰ শক্তি আৰু সামৰ্থৰ ভিতৰত থাকি প্ৰত্যেকজন মানুহেই যদি দেশ ,সমাজ আৰু জাতিটোৰ কাৰণে যিয়ে যেনেকৈ পাৰে কিবা কিঞ্চিত হ'লেও অৱদান আগবঢ়াই যাব পাৰে,তেতিয়াই মানুহ হিচাপে জন্ম গ্ৰহণ কৰাৰ ক'ৰবাত এটা সাথৰ্কতা থাকে -" নগাঁও জিলাৰ বঢ়মপুৰৰ জাগৰণ সচেতন নাগৰিক মঞ্চই প্ৰদান কৰা " অসম গৌৰৱ " বঁটা লাভ কৰি দিয়া ভাষণত এইদৰে কয় প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই ।

ৰাইজক উদ্দেশ্যি কৰা গাম্ভীৰ্যপূৰ্ণ ভাষণত তেওঁ আৰু কয় যে - বঢ়মপুৰৰ বাকৰিত মোক আজি যি "অসম গৌৰৱ " সন্মানেৰে জাগৰণ সচেতন নাগৰিক মঞ্চৰ ফালৰ পৰা সন্মানিত কৰা হৈছে আৰু ৰাসৰ মুখ্য অতিথি কৰি অনাৰ বাবে মই কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ । এইখিনি মৰম আৰু ভালপোৱা পাবৰ কাৰণে মই এতিয়াও যোগ্য হোৱা নাই , এজন মানুহৰ অসম গৌৰৱ সন্মানটো পাবৰ কাৰণে যি যোগ্যতা , দক্ষতা , জ্ঞান , গৰিমা, ব্যক্তিত্ব , পাণ্ডিত্য আৰু বয়স লাগে সেইয়া মোৰ এটাও নাই বুলি মই ভাবোঁ ।

কিন্তু তাৰ পাছতো আপোনালোকৰ জাগৰণ সচেতন নাগৰিক মঞ্চই মোৰ নিচিনা নিঃকিন আৰু নিমিত্ত এজনক " অসম গৌৰৱ " সন্মানেৰে সন্মানিত কৰিবৰ কাৰণে নিৰ্বাচিত কৰাৰ বাবে মই আপোনালোকৰ মৰম আৰু ভালপোৱাৰ প্ৰতি সন্মান জনাই আগন্তুক দিনত মূল্য দিবলৈ চাম ।

শইকীয়াই লগতে কয় যে আপোনালোকৰ মোৰ ওপৰত যি আস্থা আৰু বিশ্বাস , যিদিনালৈকে মোক বগা কাপোৰেৰে নাঢাকিব , সেই দিনালৈকে মই সেই বিশ্বাসৰ মূল্য দিম । আপোনালোকে কেৱল ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি মোক এটা আশীৰ্বাদ দিয়ক যে আগন্তুক দিনত মই ক'তো যাতে মূৰ তল কৰি জীয়াই থাকিবলগীয়া নহয় । সদায় যাতে মূৰ ওপৰ কৰি আমাৰ অসম তথা জাতিটোৰ কাৰণে জীয়াই থাকিব পাৰো। এটা জাতিক যদি জাতি কৰি ৰাখিব লাগে তেন্তে সেই জাতিটোৰ ভাষা , সাহিত্য আৰু সংস্কৃতি এই তিনিওটা উপাদানত আমি গুৰুত্ব দিব লাগিব ।

বঁটা-বাহনৰ নামত কেতিয়াবা মানুহে বহুত তললৈ নামি গৈছে , মানুহে টকা দি হ'লেও আজিকালি সন্মান কিনিব বিচাৰে । এনেকুৱা উদাহৰনো বহুত আছে যে -কেতিয়াবা এনেকুৱা কিছু বঁটা থাকে যিয়ে এজন ব্যক্তিক বঁটাটোৱে টানি লৈ যায় আৰু কেতিয়াবা বঁটাটোক সেই ব্যক্তিজনে নি ক'ৰবাত পোৱাইগৈ । আগন্তুক দিনত মোৰ সাহস , দায়বদ্ধতা আৰু কৰ্তব্যবোধ আজিৰ পৰা আৰু বেছি বৃদ্ধি কৰিলে বঢ়মপুৰবাসীয়ে । এইকাৰণেই কৈছোঁ মানুহক কেতিয়াবা দায়িত্বশীল কৰে আন একাংশ মানুহে , নিজৰ কৰ্তব্যবোধ মানুহজনক বুজাই দিয়ে আন একাংশ মানুহে ।

তাহানিৰ সেই কংস , কালকেতু , শংখচূড় , উগ্ৰসেন তেতিয়াও আছিল আৰু এতিয়াও সেইবোৰ আমাৰ মাজতেই সকলো আছে । শ্ৰীকৃষ্ণৰ ৰাসৰ পবিত্ৰতা , আধ্যাত্মিক তাৎপৰ্য আমি ধৰি ৰাখিব লাগিব আৰু নতুন প্ৰজন্মৰ মাজত সেইখিনিহে আমি বিলাব আৰু শিকাব লাগিব । আধ্যাত্মিক পৰিৱেশ যিখন সমাজ আৰু ঘৰত থাকে সেই সমাজ বা ঘৰৰ সদস্যসকল ভাল হয় ।

উল্লেখ্য যে , বিগত বৰ্ষসমূহৰ দৰেই নব্য চিন্তা আৰু ন - কৌশলেৰে জাগৰণ সচেতন নাগৰিক মঞ্চৰ "সমন্বয় ৰাস"খনি দেওবাৰে নিশা বঢ়মপুৰ ৰাজহুৱা খেলপথাৰত দ্বিতীয় বৃন্দাবনসদৃশ নৈসৰ্গিক পৰিৱেশেৰে সজাই পৰাই তোলা ৰাস উৎসৱস্থলীত বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিল্পীয়ে ৰাসখনিত কৃষ্ণৰ জন্মৰ পৰা ভিন্ন কাল পৰিৱেশন কৰি বিপুল সমাদৰ লাভ কৰে ।

অত্যাধুনিক প্ৰযুক্তিৰ জৰিয়তে এজোপা ৰাধাচূড়া গছৰ তলত বৃহৎ মঞ্চ তৈয়াৰ কৰি নিশা অনুষ্ঠিত সমন্বয় ৰাসখনে নতুনত্ব খটুৱাই দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে বুলি সম্পাদক বিমল বৰাই মন্তব্য আগবঢ়ায় । কালি অনুষ্ঠিত " সমন্বয় ৰাস "আনুষ্ঠানিকভাৱে উদ্বোধন কৰে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই । জাগৰণ সচেতন নাগৰিক মঞ্চৰ সভাপতি শিৱ বৰ্মনে আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানটিত অঞ্চলটোৰ বৰেণ্য ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হয় ।

উক্ত ৰাস উৎসৱৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি জাগৰণৰ নিৰ্মীয়মান শ্ৰীকৃষ্ণৰ জীৱনৰ যৌৱনোদীপ্ত বৰ্ণিল সময়ৰ আধাৰত ৰচিত প্ৰথমখন কথাছবি "কৃষ্ণলীলা"ৰ শীৰ্ষক গীতটিৰ ভিডিঅ' পৰ্দাৰ জৰিয়তে দৰ্শকৰ আগত উন্মোচন কৰা হয় । শ্ৰুতিমধুৰ গীতটিত কণ্ঠদান কৰিছে আচুৰ্য বৰপাত্ৰই - বিশেষ চৰিত্ৰ ৰূপায়ণ কৰিছে অভিনেতা ৰাজীৱ ৰাগ আৰু সুস্মিতা শইকীয়াই ।

উক্ত গীতটিত ৰাসখনিৰ আৰম্ভণিতে কৃষ্ণ আৰু ৰাধাৰ যুগলনৃত্যই মোহাচ্ছন্ন কৰি তুলে উপস্থিত সহস্ৰাধিক দৰ্শকক । ইয়াৰ পাছতেই শ্ৰী কৃষ্ণৰ বংশীধ্বনিৰ তালে তালে একেলগে ১৬ গৰাকীকৈ শ্ৰীকৃষ্ণৰ মাজে মাজে ময়ূৰ চৰাইৰ নৃত্যই ৰাসখনক অধিক মোহনীয় কৰি তোলাৰ লগতে পুতনা আৰু শংখচূড়ৰ আকৰ্ষণীয় সাজপাৰ আৰু বেশভূজাৰে উপস্থিত দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হয় ।

আৰু পঢ়ক: ''বলপূৰ্বক ধৰ্ম পৰিবৰ্তন হ'ব নোৱাৰে'' উচ্চতম ন্যায়ালয়ত বিশেষ শুনানি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in