''বলপূৰ্বক ধৰ্ম পৰিবৰ্তন হ'ব নোৱাৰে'' উচ্চতম ন্যায়ালয়ত বিশেষ শুনানি

: সোমবাৰে দেশৰ উচ্চতম ন্যায়ালয়ত বলপূৰ্বক ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে দাখিল কৰা এখন আবেদনৰ শুনানি হয়। শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে কয় যে বলপূৰ্বক ধৰ্ম পৰিবৰ্তন হ'ব নোৱাৰে।
Supreme Court
Supreme Court

ডিজিটেল ডেস্ক: সোমবাৰে দেশৰ উচ্চতম ন্যায়ালয়ত বলপূৰ্বক ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে দাখিল কৰা এখন আবেদনৰ শুনানি হয়। শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে কয় যে বলপূৰ্বক ধৰ্ম পৰিবৰ্তন হ'ব নোৱাৰে। এইটো এটা গুৰুতৰ বিষয়। কেন্দ্ৰই দাখিল কৰা শপতনামাত এই মন্তব্য কৰে এছ জি তুষাৰ মেহতাই ।

গোচৰটোৰ সন্দৰ্ভক মধ্যস্থতাকাৰীৰ হিচাপে উপস্থিত হৈ সঞ্জয় হেগড়েয়ে কয়, "মই এই পিআইএলৰ বিৰোধিতা কৰিছো। এই সন্দৰ্ভত ন্যায়াধীশ শ্বাহে কয়, "আপুনি ক'ব বিচাৰে নেকি যে আমি বলপূৰ্বক ধৰ্মান্তৰকৰণৰ অনুমতি দিব লাগে? আদালতক উত্তৰ দি হেগড়ে কয় যে এই আবেদনকাৰীজনৰ এটা ৰাজনৈতিক চৰিত্ৰ আছে। তেওঁ আগতে দিল্লী উচ্চ ন্যায়ালয়ত একেখন আবেদন দাখিল কৰিছিল আৰু ইয়াত দুয়োবাৰ প্ৰত্যাহাৰ কৰা হৈছিল।

উল্লেখ্য যে, কিছুদিন পূৰ্বে উচ্চতম ন্যায়ালয়ত ধৰ্ম পৰিবৰ্তন সন্দৰ্ভত এক শুনানি হৈছিল। এই শুনানিত ন্যায়ালয়ে কেন্দ্ৰৰ পৰা উত্তৰ বিচাৰিছিল আৰু বিষয়টো গুৰুত্ব দিবলৈ গৈছিল। এই বিষয়টোটৰ ওপৰত পুনৰ ডিচেম্বৰ মাহত শুনানি হ'ব।

আৰু পঢ়ক: বাল্য বিবাহ! বিয়া পাতিবলৈ আহি ৰঙা ঘৰৰ আলহী হ'ল দৰাৰ পৰিয়াল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in