/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/2866b629-37f7-41f8-ad87-b31cbf5a4290/dddd.jpg)
ডিজিটেল ডেস্ক: শুকুৰবাৰে সমগ্ৰ অসমজুৰি পালন কৰা হ'ব অসম দিৱস। ৬০০ বছৰীয়া আহোম ৰাজত্ব কালৰ প্ৰথম গৰাকী স্বৰ্গদেউ, বৰ অসমৰ ভেঁটি গঢ়োতা চাওলুং চুকাফাৰ বীৰত্ব, বিচক্ষণতা তথা অৱদান আজি সমগ্ৰ ৰাজ্যতে সুঁৱৰিব। স্বৰ্গদেউ চুকাফাক স্মৰণ কৰি আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হ'ব চুকাফা দিৱস তথা অসম দিৱস।
উল্লেখ্য যে, ১২২৮ খ্ৰীষ্টাব্দৰ ১৬ আঘোনত চাওলুং চুকাফাই পাটকাই পৰ্বত পাৰ হৈ ভৰি থৈছিল সৌমাৰ খণ্ডত। সৌমাৰপীঠৰ টিপামত বুঢ়ীদিহিঙেৰে উজাই আহি এখন স্বাধীন ৰাজ্য প্ৰতিষ্ঠা কৰাৰ শুভাৰম্ভ কৰিছিল চুকাফাই।
তাৰ পাছতেই বীৰত্ব আৰু বীচক্ষণতাৰে ৩৯ বছৰ ৪ মাহ ৰাজত্ব কৰি বিশাল আহোম সাম্ৰাজ্য তথা বৰ অসমৰ পাতনি মেলিছিল চুকাফাই। বৰ অসম গঢ়াৰ ক্ষেত্ৰত চুকাফাৰ অৱদানলৈ শ্ৰদ্ধা জনাই ২ ডিচেম্বৰ দিনটো চুকাফা দিৱস হিচাপে পালন কৰা হয়।