আজিৰে পৰা তামুলপুৰত এছিয়ান খো-খো প্ৰতিযোগিতা : বিশ্বৰ ৯ দেশৰ অংগ্ৰহণ

এই প্ৰতিযোগিতাত বিশ্বৰ ৯ দেশে অংগ্ৰহণ কৰিব

author-image
Asomiya Pratidin
New Update
আজিৰে পৰা তামুলপুৰত এছিয়ান খো-খো প্ৰতিযোগিতা : বিশ্বৰ ৯ দেশৰ অংগ্ৰহণ

ডিজিটেল ডেস্কঃ আজিৰে পৰা বাক্সা জিলাৰ তামুলপুৰত অনুষ্ঠিত হ'ব চতুৰ্থ এছিয়ান খো-খো প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত বিশ্বৰ ৯ দেশে অংগ্ৰহণ কৰিব।

Advertisment

পুৰষ আৰু মহিলা উভয়ে মিলি ১৬ টা দলে প্ৰতিযোগিতাত ভাগ ল'ব। আয়োজক দেশ ভাৰতৰ লগতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দেশসমূহ হৈছে ভূটান, বাংলাদেশ, ইণ্ডোনেছিয়া, ইৰান, মালেছিয়া, নেপাল, ছিংগাপুৰ, দক্ষিণ কোৰিয়া আৰু শ্ৰীলংকা।

উল্লেখ্য যে, অসম খো-খো সন্থাৰ উদ্যোগত আৰু বি টি আৰ প্ৰশাসনৰ সহযোগত এই প্ৰতিযোগিতাখনৰ আয়োজন কৰা হৈছে। আনহাতে ভূটান আৰু ইণ্ডোনেছিয়াৰ খেলেৰে প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰা হ'ব।

২০ মাৰ্চৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখনিৰ অন্ত পৰিব ২৩ মাৰ্চত। অন্যহাতে উক্ত প্ৰতিযোগিতাখন উদ্বোধন কৰিব বি টি আৰৰ মুৰব্বী প্ৰমোদ বড়োৱে।

Also Read: এজনীৰ পাছত আনজনীক বিয়া জাহিদৰ, ন-বিবাহিতাৰ মৃত্যুৰ পাছতে বহু তথ্য পোহৰলৈ...

sports assam kho kho association