ক্ৰাইম ব্ৰাঞ্চৰ জালত ASI কৃষ্ণা নন্দ উপাধ্যায়

ক্ৰাইম ব্ৰাঞ্চৰ জালত ASI কৃষ্ণা নন্দ উপাধ্যায়

author-image
Asomiya Pratidin
New Update
ক্ৰাইম ব্ৰাঞ্চৰ জালত ASI কৃষ্ণা নন্দ উপাধ্যায়

ডিজিটেল ডেস্কঃ ক্রাইম ব্ৰাঞ্চৰ জালত ASI কৃষ্ণা নন্দ উপাধ্যায়। এজন ব্যৱসায়ীৰ পৰা উৎকোচ লোৱাৰ অভিযোগত বুধবাৰে গ্রেপ্তাৰ আৰক্ষী বিষয়াগৰাকী। অভিযোগ অনুসৰি গোচৰ ৰেহাই দিয়াৰ নামত ব্যৱসায়ী ভৱেশ শৰ্মাৰ পৰা লৈছিল ১৩লাখ টকা

ধন সংগ্রহ কৰাৰ চিচিটিভ ভিজুৱেল লাভ কৰিছিল ক্রাইম ব্ৰাঞ্চে। কিছুদিন পূৰ্বে মহানগৰীৰ আঠগাঁৱৰ পৰা গ্রেপ্তাৰ হৈছিল ভৱেশ শৰ্মা। ভৱেশ শৰ্মা ক’লা বজাৰৰ বহু ব্যৱসায়ী চক্রৰ সৈতে জড়িত। এই চক্রটোৱে বাংলাদেশলৈ সৰবৰাহ কৰে চুৰি ম’বাইল ফোন।

ইতিমধ্যে পল্টনবজাৰ আৰক্ষীয়ে জব্দ কৰিছে ১৮৫টা চুৰি ম’বাইল ফোন। আৰক্ষীৰ জেৰাত ভৱেশ শৰ্মাই প্রকাশ কৰিছে বহু ব্যৱসায়ীৰ নাম। CJM আদালতে ক্রাইম ব্রাঞ্চৰ জিম্মালৈ প্রেৰণ কৰিছে ভৱেশ শৰ্মাক।

Also Read: জোনালী দাসৰ সোণালী যাত্ৰা...

crime branch arrest Assam police