আমাৰ ক’বলগীয়া কি আছে, যি হৈছে ভালে হৈছে : অশোক সিংহল

আমাৰ ক’বলগীয়া কি আছে, যি হৈছে ভালে হৈছে : অশোক সিংহল

author-image
Asomiya Pratidin
New Update
আমাৰ ক’বলগীয়া কি আছে, যি হৈছে ভালে হৈছে : অশোক সিংহল

ডিজিটেল ডেস্ক : সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা সন্দৰ্ভত মন্ত্ৰী অশোক সিংহলৰ মন্তব্য প্ৰকাশ কৰে। তেওঁ কয়- 'যি মন্তব্য দিব দলে দিব,মুখ্যমন্ত্ৰীয়ে দিব। আমাৰ ক’বলগীয়া কি আছে, যি হৈছে ভালে হৈছে। মইতো বিজ্ঞানী নহয়।'

Advertisment

ইয়াৰোপৰি মন্ত্ৰীগৰাকীয়ে সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা প্ৰকাশ সন্দৰ্ভত জনা মানুহক সুধিবলৈ কয়। মন্ত্ৰী সিংহলে তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰদান কৰি কয় যে, কোনটো কাম হ’লে প্ৰতিবাদ নহয়, ঘৰত ৫ জন থাকে ৫ জন একলগ হৈ কাম কৰে নেকি বুলি মন্তব্য কৰে।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকাক লৈ কৰা প্ৰতিবাদ সন্দৰ্ভত তেওঁ ভগৱান কৃষ্ণক যেতিয়া মানুহে এৰি দিয়া নাই। ভগৱান ৰামক যেতিয়া মানুহে এৰি দিয়া নাই এইবিলাকটো সৰু সৰু কথা বুলি উল্লেখ কৰে।

Also Read: খৰিকটীয়া চাহ বাগিচাত বনৰীয়া হাতীৰ সন্ত্ৰাস

delimitation in assam ashok singhal