প্ৰণালীবদ্ধভাৱে আগবাঢ়ি যাবলৈ আদিবাসী সমাজে জয়ন্ত বসুমতাৰীক ভোট দিয়ক : অশোক সিংহল

প্ৰণালীবদ্ধভাৱে আগবাঢ়ি যাবলৈ আদিবাসী সমাজে জয়ন্ত বসুমতাৰীক ভোট দিয়ক : অশোক সিংহল

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ চহৰৰ চান্দামাৰীস্থিত বডোফা সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত মঙলবাৰে লোকসভা নিৰ্বাচনকলৈ আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ উদ্যোগত আদিবাসী দল সংগঠনৰে সৈতে এক সভা অনুষ্ঠিত হয় ৷ উক্ত সভাত অংশগ্ৰহণ কৰি কোকৰাঝাৰ জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘালে আদিবাসী সমাজৰ উন্নয়নৰ স্বাৰ্থত এনডিএ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক বিপুল ভোট দি জয়যুক্ত কৰাৰ বাবে আদিবাসী জনগোষ্ঠীৰ প্ৰতি আহ্বান জনায়।

যোৱা তিনি বছৰত মুখ্যমন্ত্ৰীৰ বলিষ্ঠ নেতৃত্বত আদিবাসীসকলৰ বিভিন্ন সমস্যা সমাধান হোৱাৰ লগতে আদিবাসী শান্তি চুক্তি সম্পাদন কৰা বুলি উল্লেখ কৰে সিংঘালে ৷ আদিবাসীসকলক প্ৰণালীবদ্ধভাৱে আগবঢ়াই নিবলৈ আদিবাসী কল্যাণ আৰু উন্নয়ণ পৰিষদ গঠন কৰা হৈছে বুলি মন্তব্য কৰি আদিবাসী পুনৰ সংস্থাপনৰ বিষয়টোও চৰকাৰে অতি গুৰুত্ব সহকাৰে ল'ব বুলি উল্লেখ কৰিছে।

তেওঁ কয় - কোকৰাঝাৰ লোকসভা সমষ্টিত আদিবাসীসকলৰ ডাঙৰ সমাজ আছে ৷ এইক্ষেত্ৰত লোকসভা নিৰ্বাচনত আদিবাসীসকলে দেশত নৰেন্দ্ৰ মোডীক প্ৰধানমন্ত্ৰী বনাবলৈ এন ডি এৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক জয়যুক্ত কৰি আৰ্শীবাদ দিব লাগে ৷ কোকৰাঝাৰ লোকসভা সমষ্টিত শান্তি প্ৰতিষ্ঠা হোৱাৰ পাছত ইয়াত এতিয়া এজন ল'ৰাৰ হাততো বন্দুক বাৰুদ নাই ৷ মানুহৰ মনত হাঁহি ফুৰ্তি ঘূৰি আহিছে। সকলোৱে কেৱল উন্নয়নৰ কথাহে কৈছে ৷ এয়া সম্ভৱ হৈছে একমাত্ৰ দেশৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু প্ৰমোদ বড়ো চৰকাৰৰ আৰ্শীবাদত ৷ সেয়েহে আদিবাসী সমাজক আগুৱাই নিবলৈ এনডিএৰ পক্ষে অৰ্থাৎ কোকৰাঝাৰ লোকসভা সমষ্টিত জয়ন্ত বসুমতাৰীৰ পক্ষত ভোট দিবলৈ আহ্বান জনাইছে অশোক সিংঘলে।

তদুপৰি অশোক সিংঘলে জিএছপি তথা সাংসদ নৱ কুমাৰ শৰনীয়াৰ টৰ্চ লাইটৰ বেটাৰি ফিউজ হোৱা বুলিও মন্তব্য কৰিছে। আজিৰ সভাত আদিবাসী কল্যাণ আৰু উন্নয়ণ পৰিষদৰ অধ্যক্ষ অসীম হাছদা, উপাধ্যক্ষ সুভাষ তিৰ্কী ওৰফে বীৰসিং হাছদাসহ পৰিষদৰ বিভিন্ন নেতৃবৰ্গ আৰু সহস্ৰাধিক আদিবাসী জনগোষ্ঠীৰ লোক উপস্থিত আছিল৷

প্ৰণালীবদ্ধভাৱে আগবাঢ়ি যাবলৈ আদিবাসী সমাজে জয়ন্ত বসুমতাৰীক ভোট দিয়ক : অশোক সিংহল
এইবাৰৰ নিৰ্বাচন অসমৰ জনতাই মোডীৰ মৰমৰ প্ৰতিদান দিয়াৰ সুযোগঃ অজন্তা নেওগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in