/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/e139b2b6-41d0-450e-9e2c-09340b70a000/3.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ মাননীয় বিত্তমন্ত্ৰী অজন্তা নেওগে মঙলবাৰে নিউ গুৱাহাটী বিহু ফিল্ড, গোপাল নগৰ শক্তিপীঠ আৰু নাৰেংগী হাউছিং কলনীৰ বিহু ৰঙ্গমঞ্চত গুৱাহাটী সংসদীয় সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/81f16394-a9e9-41a1-ada2-9cb4d9ffe613/0e00f285_185d_478a_b4b7_146730bd56f0.jpg)
সভাত দল তথা চৰকাৰৰ জ্যেষ্ঠা নেত্ৰীগৰাকীয়ে অসমৰ উন্নয়ন সুনিশ্চিত কৰিবলৈ ভাজপা-মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক বিপুল ভোটত জয়যুক্ত কৰিবলৈ ৰাইজৰ প্ৰতি আহবান জনায়। ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয়- 'স্বাধীনতাৰ পিছত অসম দীৰ্ঘদিন উপেক্ষিত আছিল। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত কেন্দ্ৰত এনডিএ চৰকাৰে দায়িত্ব লোৱাৰ পিছৰ পৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলত উন্নয়নৰ অভূতপূৰ্ব জোঁৱাৰ আহিছে। অসমলৈ এইমছ আহিছে, ৰাস্তা-ঘাটৰ চেহেৰা সলনি হৈছে, খাটি খোৱা মানুহৰ জেপলৈ ধন আহিছে, গঁড় হত্যা বন্ধ হৈছে আৰু সাধাৰণ মানুহৰ জীৱন পূৰ্বৰ তুলনাত নিৰাপদ হৈছে।"
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/b88afbb2-780c-4561-83e1-e709c3513c7f/dd18c9f3_182f_4b95_8800_a8a22b691c88.jpg)
অসমৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ অন্তৰত সুকীয়া স্থান আছে বুলি দোহাৰি মন্ত্ৰীগৰাকীয়ে অসমৰ মানুহে যোৱা দহবছৰত তাৰ প্ৰমাণ পাইছে বুলি মন্তব্য কৰে। 'এইবাৰৰ নিৰ্বাচন অসমৰ জনতাই মোডীৰ মৰমৰ প্ৰতিদান দিয়াৰ সুযোগ'- বিজুলী কলিতা মেধীক বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে এনেদৰে কয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/0491ebbb-b0e4-4a0f-98ac-6d6126a27aaf/d1ed6486_a591_4443_9887_ff34f3c75351.jpg)
বিত্তমন্ত্ৰীগৰাকীয়ে পূৱ গুৱাহাটী আৰু দিছপুৰ সমষ্টিত তিনিখন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। আটাইকেইখন সভাতে কৰ্মী-সমৰ্থকসকলৰ উল্লেখযোগ্য ভিৰ হোৱা দেখা যায়। প্ৰাক্তন সাংসদ শ্ৰী দ্বীজেন শৰ্মা, পাৰিষদ শ্ৰীযুতা লিপিকা পটোৱাৰী কলিতা আদি কেইবাগৰাকী নেতা-নেত্ৰীগৰাকীয়ে প্ৰচাৰ অভিযানত মাননীয় বিত্ত তথা মহিলা আৰু শিশু কল্যাণ মন্ত্ৰীগৰাকীক সংগ দিয়ে।
Also Read: গহপুৰ জ্যোতি বিদ্যামন্দিৰৰ বাৰ্ষিক সভা...