মুখ্যমন্ত্রীৰ গ্ৰাম্য অৰ্থনীতি উন্নতৰ সপোন বাস্তৱ ৰূপায়িত কৰিবলৈ জোনাইত মন্ত্ৰী অশোক সিংহাল

অসমৰ প্ৰতিখন খেতি পথাৰত বাৰ মাহে পানী যোগান ধৰা আৰু উন্নত মানদণ্ডৰে খেতি কৰি আৰ্থিক ভাৱে শক্তিশালী হোৱাৰ উদ্দেশ্য আজিৰে পৰা সমগ্ৰ ৰাজ্য জুৰি ভ্ৰমণ কৰিব অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহালে

author-image
Asomiya Pratidin
New Update
মুখ্যমন্ত্রীৰ গ্ৰাম্য অৰ্থনীতি উন্নতৰ সপোন  বাস্তৱ ৰূপায়িত কৰিবলৈ জোনাইত মন্ত্ৰী অশোক সিংহাল

ডিজিটেল ডেস্কঃ অসমৰ প্ৰতিখন খেতি পথাৰত বাৰ মাহে পানী যোগান ধৰা আৰু উন্নত মানদণ্ডৰে খেতি কৰি আৰ্থিক ভাৱে শক্তিশালী হোৱাৰ উদ্দেশ্য আজিৰে পৰা সমগ্ৰ ৰাজ্য জুৰি ভ্ৰমণ কৰিব অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহালে।প্ৰধান মন্ত্ৰীৰ সপোনক বাস্তৱ ৰূপায়িত কৰিবলৈ জোনাইৰ শুভাৰম্ভ কৰে কাৰ্যসূচী।

Advertisment

অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহালে বুধবাৰৰ পুৱা গুৱাহাটী পৰা মুৰকংছেলেক অভিমুখী লাচিত এক্সপ্ৰেছৰে আহি জোনাইত উপস্থিত হয়। জোনাই আৱৰ্ত ভৱনত পুৱাৰ আহাৰ গ্ৰহণ কৰি জোনাই মহকুমাৰ বিভিন্ন মৃত প্ৰায়ও বিকল হৈ থকা জলসিঞ্চন বিভাগৰ আঁচনি সমূহ পৰিদৰ্শন কৰে।

জোনাই জয়মাগুৰি অৱস্থিত মেনজেক নলাত কোটি টকাৰে নিৰ্মান হোৱা বিকল হৈ পৰি থকা আঁচনিখন কেনেদৰে উন্নীত কৰি ব্যৱহাৰৰ উপযোগী কৰি তুলিব পাৰে তাৰ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষ, বিধায়ক ভুৱন পেগু সাংসদ প্ৰদান বৰুৱা উপস্থিতিত ৰাইজৰ সৈতে বিভিন্ন সমস্যাৰ ওপৰত মতবিনিময় কৰে ।

Also Read: বনবিভাগৰ নিষ্ক্ৰিয়তাত আই নৈৰ বুকুত শিল-বালিৰ অবৈধ খনন...