/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/b16dd162-eeec-4986-93f2-4f2e5167dc9a/asami.jpg)
ডিজিটেল সংবাদ, ৰূপহীহাট : ৰূপহীহাটৰ কাৱৈমাৰী আৰক্ষী পহৰা চকীৰ পৰা আচামীৰ পলায়ন কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । কাৱৈমাৰী আৰক্ষীৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই পলায়ন কৰিবলৈ সুবিধা পালে আচামীয়ে।
জানিবলৈ দিয়া মতে, ৰাইজে আটক কৰি দিয়া চোৰক ৰাখিব নোৱাৰিলে কাৱৈমাৰী আৰক্ষীয়ে। আচামীক বিচাৰি কাৱৈমাৰি আৰক্ষীৰ হাবাথুৰি খাই ফুৰিছে। চুৰি কাণ্ডৰ অভিযুক্ত জহিৰুল ইচলাম হেণ্ডকাফ লৈ থানাৰ ভিতৰৰ পৰা পলায়ন কৰে।
উল্লেখ্য যে বৃহস্পতিবাৰে পুৱাৰ ভাগত জিউমাৰীৰ গাঁৱৰ ৰাইজে হাতে-লোটে চোৰ জহিৰুলক কৰায়ত্ব কৰি গতাই দিছিল কাৱৈমাৰী আৰক্ষীক। কাৱৈমাৰী আৰক্ষীৰ চৰম ব্যৰ্থতাৰ বাবেই সঘনাই পলায়ন কৰে আচামীয়ে।
ইয়াৰ পূৰ্বেও কাৱৈমাৰী আৰক্ষী পহৰা চকীৰ পৰা আচামী পলায়ন কৰাৰ অভিযোগ আছে । উল্লেখযোগ্য যে কাৱৈমাৰী আৰক্ষী পহৰা চকীত নাই কোনো ধৰণৰ লক-আপৰ ব্যৱস্থা, যাৰ বাবেই বাৰে-বাৰে আচামী পলায়ন কৰাৰ সুবিধা পায় বুলি উল্লেখ কৰে ৷
Also Read: উৰিয়াগাঁৱত পঞ্চায়ত ৰুৰেল ডেভেলপমেণ্টৰ ব্যৱস্থাপনাত স্থাপন কৰিব ডাষ্টবিন