উৰিয়াগাঁৱত পঞ্চায়ত ৰুৰেল ডেভেলপমেণ্টৰ ব্যৱস্থাপনাত স্থাপন কৰিব ডাষ্টবিন

ডাষ্টবিনৰ ব্যৱহাৰ সম্পৰ্কে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ লগত সজাগতামূলক কাম কাজখিনি আগুৱাব লাগিব বুলি মন্তব্য প্ৰকাশ কৰে
উৰিয়াগাঁৱত পঞ্চায়ত ৰুৰেল ডেভেলপমেণ্টৰ ব্যৱস্থাপনাত স্থাপন কৰিব ডাষ্টবিন

ডিজিটেল সংবাদ, উৰিয়াগাঁওঃ উৰিয়াগাঁও ক্ষুদ্ৰ ব্যৱসায়ী সন্থাৰ এটা দীৰ্ঘদিনীয়া সমস্যা হ’ল জাৱৰ পৰিশোধন ৷ বিশেষকৈ দোকানীসকলে চাহৰ কাপ, থাৰ্মোকুলৰ প্লেট,বিভিন্ন প্ৰকাৰৰ প্লাষ্টিক,গুটখাৰ পেকেট,কেঁচা আৱৰ্জনা ইত্যাদি দোকানৰ পাছফালে পেলায় ৷ ফলশ্ৰুতিত অস্বাস্থ্যকৰ পৰিৱেশে এদিন গ্ৰাহকক বিতুষ্ঠ কৰিব ৷

তাৰোপৰি প্ৰত্যক্ষভাৱে ব্যৱসায়তো প্ৰভাৱ পৰিব ৷ খেলপথাৰখনতো ইয়াৰ প্ৰভাব পৰিব ৷ সেয়েহে উৰিয়াগাঁও গাঁও পঞ্চায়তৰ লগতে নগাঁও জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰত্যক্ষ সহযোগত বঢ়মপুৰ উন্নয়ন খণ্ডৰ অধীনত স্বচ্ছ ভাৰত মিছন তথা পঞ্চায়ত ৰুৰেল ডেভেলপমেণ্টৰ ব্যৱস্থাপনাত চি এম চি এফ (Centralized material collection facility ) ৰ জড়িয়তে এটা ডাষ্টবিনৰ ব্যৱস্থা কৰা হৈছে ৷

ভাল খবৰ যে নগাঁও দিৱস উপলক্ষে জিলা উপায়ুক্তই নিজেই ইয়াৰ শুভ উদ্বোধন কৰিব বুলি সংশ্লিষ্ট মহলে জানিবলৈ দিয়ে ৷ অঞ্চলবাসীৰ মনত দীৰ্ঘদিনীয়া সমস্যা এটা সমাধানৰ হোৱাৰ পথত ৷

সচেতন ৰাইজে উল্লেখ কৰে যে উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতিৰ লগতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উৰিয়াগাঁও আঞ্চলিক সমিতি আৰু ক্ষুদ্ৰ ব্যৱসায়ী সন্থাৰ চলিত সংগ্ৰামী সময়খিনিত 'কষ্টৰ ফল সদায় মিঠা' কথাফাঁকিৰ মৰ্ম অনুভৱ কৰে ৷ ডাষ্টবিনৰ ব্যৱহাৰ সম্পৰ্কে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ লগত সজাগতামূলক কাম কাজখিনি আগুৱাব লাগিব বুলি মন্তব্য প্ৰকাশ কৰে ৷ আনহাতে এই কাৰ্যত ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰে ৷

উৰিয়াগাঁৱত পঞ্চায়ত ৰুৰেল ডেভেলপমেণ্টৰ ব্যৱস্থাপনাত স্থাপন কৰিব ডাষ্টবিন
বাতৰি কাকত বিতৰক তথা এম পি বুক ষ্টলৰ স্বত্বাধিকাৰী পৱন আলি শইকীয়ালৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in