অনলাইন প্ৰতাৰকৰ কবলত আই চি চি

এলাউন্টৰ পৰা উধাও ২০.২৫ কোটি টকা
অনলাইন প্ৰতাৰকৰ কবলত আই চি চি

ডিজিটেল ডেস্ক : বৃহৎ অনলাইন প্ৰতাৰণাৰ কবলত পৰিছে বিশ্ব ক্ৰিকেটৰ নিয়ন্ত্ৰণ সংস্থা আই চি চি । সংস্থাৰ একাউন্টৰ পৰা উধাও হৈছে প্ৰায় ২০ কোটি ২৫ লাখ টকা । অৱশ্যে ক্ষতিৰ সঠিক পৰিমাণ এতিয়াও নিশ্চিত নহয় । প্ৰাথমিকভাৱে জানিব পৰামতে এই অপৰাধ সংঘটিত হৈছে আমেৰিকাৰ পৰা । আমেৰিকাৰ তদন্তকাৰী সংস্থা ফেডাৰেল ব্যূৰ' অৱ ইনভেষ্টিগেচন ( এফ বি আইৰ তৰফৰ পৰা জনোৱা অনুসৰি প্ৰতাৰকে বিজনেছ ই-মেইল কম্প্ৰ'মাইজ ব্যৱহাৰ কৰিছে । এয়া হ'ল অনলাইন অপৰাধৰ ক্ষতিকাৰক পদ্ধতি ।

যোৱা বছৰ এইবিষয়টো আই চি চিৰ ব'ৰ্ডৰ বৈঠকত উত্থাপন হৈছিল । আই চি চিৰ অভিযোগৰ ভিত্তিতেই এফ বি আয়ে তদন্ত আৰম্ভ কৰিছিল । প্ৰতাৰকসকলে কি পদ্ধতিত টকা উলিয়াই নিলে, সেয়া জানিব পৰা হোৱা নাই । এই ঘটনাত কোনো কৰ্মচাৰী জড়িত থকাৰ সন্দেহ কৰা হৈছে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in