মানকাচৰত অৰুণোদয় আচনিৰ হিতাধিকাৰী বাচনিত জালিয়াতি !

মানকাচৰত অৰুণোদয় আচনিৰ হিতাধিকাৰী বাচনিত জালিয়াতি !

author-image
Asomiya Pratidin
New Update
মানকাচৰত অৰুণোদয় আচনিৰ হিতাধিকাৰী বাচনিত জালিয়াতি !

ডিজিটেল সংবাদ, মানকাচৰঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাত অৰুণোদয় আচনিৰ হিতাধিকাৰী বাচনিৰ নামত জালিয়াতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। প্ৰকৃত হিতাধিকাৰীক বাদ পেলাই ধনী লোকৰ নাম তালিকাত সন্নিবিষ্ট হোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। এনে সময়তে জিলাখনৰ ঠাকুৰাণবাৰী গাওঁ পঞ্চায়তত জালিয়াতিৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে।

Advertisment

কিছুদিন পূৰ্বে পঞ্চায়তখনৰ পৰা পঞ্চায়ত সচিব, সভাপতি, সদস্য তথা গাওঁ প্ৰধানসকলে একত্ৰিত হৈ ১৭৭ গৰাকী হিতাধিকাৰীৰ নাম বাচনি কৰি জিলা আয়ুক্তকৰ কাৰ্যালয়ত তালিকা দাখিল কৰিছিল। তাতপৰ্যপূৰ্ণভাৱে ১৯৫ গৰাকী হিতাধিকাৰীৰ নাম পঞ্চায়তখনত বাচনি হৈ আহিছে যদিও পঞ্চায়তৰ ফালৰ পৰা বাচনি কৰি দিয়া অধিকাংশ হিতাধিকাৰীৰ নাম কৰ্তন কৰি ধনী শ্ৰেনীৰ লোকৰ নাম এই তালিকাত অন্তৰ্ভূক্ত হোৱাৰ অভিযোগ উত্থাপন হৈছে।

বিশেষকৈ ঠাকুৰাণবাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৬৫ নং লাটৰ গাওঁপ্ৰধান ফৰহাদুল ইছলামৰ পত্নী ছবনম পাৰভিনৰ নাম এই অৰুণোদয় আচনিৰ হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভূক্ত হোৱাক লৈ প্ৰকৃত হিতাধিকাৰীসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

যোৱা ফেব্ৰুৱাৰী মাহতো হিতাধিকাৰী বাচনিত খেলিমেলি হোৱাক লৈ জিলা প্ৰশাসনক পঞ্চায়ত খনৰ ৰাইজে এখন লিখিত অভিযোগ দাখিল কৰিছিল। এইবেলিও ব্যাপক জালিয়াতিৰে অধিকাংশ ধনী শ্ৰেনীৰ লোকৰ নাম পঞ্চায়ত খনত অৰুণোদয় আচনিৰ হিতাধিকাৰীত অন্তৰ্ভূক্ত হোৱাক লৈ ৰাইজে তদন্তৰ দাবী তুলিছে।

Also Read: 'ৰিবি গাচেং' প্ৰসংগ- ৰাইজে বিচাৰিলে ক্ষমা খুজিবলৈ সাজু প্ৰদেশ কংগ্ৰেছৰ সভাপতি

arunudoi scheme