হেলেমত ৪০ লক্ষাধিক টকাৰ অৰুণাচলী সুৰা জব্দ, দুজনক গ্ৰেপ্তাৰ

হেলেমত ৪০ লক্ষাধিক টকাৰ অৰুণাচলী সুৰা জব্দ, দুজনক গ্ৰেপ্তাৰ

author-image
Asomiya Pratidin
New Update
হেলেমত ৪০ লক্ষাধিক টকাৰ অৰুণাচলী সুৰা জব্দ, দুজনক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, ছয়দুৱাৰ: গহপুৰ মহকুমাৰ হেলেম আৰক্ষী থানাৰ অন্তৰ্গত টকৌবাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জব্দ হৈছে অবৈধ ভাবে কঢ়িয়াই অনা ৪০ লক্ষাধিক টকাৰ অৰুণাচলী সুৰা। বিশ্বনাথ জিলাৰ উপ আৰক্ষী অধীক্ষক(সদৰ) নৱজিৎ ৱাগৰি আৰু হেলেম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় শইকীয়াৰ নেতৃত্বত যোৱা নিশা প্ৰায় ১০ বজাত চলোৱা এক সুৰাবিৰোধী অভিযানত জব্দ হয় অবৈধ অৰুণাচলী সুৰাখিনি।

Advertisment

অৰুণাচল প্ৰদেশৰ বান্দৰদেৱাৰ পৰা বহি:ৰাজ্যলৈ কঢ়িয়াই অনা অৰুণাচলী সুৰা সৰবৰাহৰ লগত জড়িত ট্ৰাকখন(ইউ পি ৩৩ এটি ৭১৫২)ৰ চালক আৰু হেণ্ডিমেন ক্ৰমে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ ৰিকছা ক'লনীৰ পাপু গৌতম(৪২) আৰু চিত্ৰাকটৰ পাথাৰউদিৰ মনো শ্ৰীবাস্তৱ(৩১)গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। জব্দ কৰা ট্ৰাকখনৰ পৰা মুঠ ৬৪৮ কাৰ্টুন অৰুণাচলী সুৰা উদ্ধাৰ কৰিছে আৰক্ষীয়ে।ব্ল'ক ইটাৰে সুৰাৰ কাৰ্টুন খিনি ঢাকি অনাৰ চেষ্টা কৰিছিল যদিও আৰক্ষীৰ অভিযানত সুৰা মাফিয়াৰ দুই নম্বৰী কাৰবাৰ সমূহ ধৰা পৰাৰ আইনী ব্যৱস্থা গ্ৰহণ কৰে হেলেম আৰক্ষীয়ে।

Also Read: টকাৰ লেনদেন, মোবাইলৰ বাবে নৃশংসভাৱে হত্যা এজনক, গ্ৰেপ্তাৰ ৩ জন

Assam police