ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে অসমৰ আদৰ্শ গাঁৱৰ নামফলক ঢাকি অৰুণাচলৰ ফুড পাৰ্কৰ ফলক

ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে অসমৰ আদৰ্শ গাঁৱৰ নামফলক ঢাকি অৰুণাচলৰ ফুড পাৰ্কৰ ফলক

ডিজিটেল সংবাদ, বান্দৰদেৱা : অসমৰ এখন আদৰ্শ গাঁৱৰ নাম তথা পথ নিৰ্দেশনাৰ ফলক আঁৰ কৰি অৰুণাচলৰ মেগা ফুড পাৰ্কৰ পথ নিৰ্দেশনাৰ ফলক লগোৱা কাৰ্যৰ পিছতো লখিমপুৰ জিলা প্ৰশাসন নিৰ্বিকাৰ হৈ থকা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।জিলাখনৰ পথালিপাহাৰৰ সমীপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে থকা সীমান্ত প্ৰহৰী আৰ্দশ গাঁৱৰ নামফলক আৰু পথ নিৰ্দেশনাৰ ফলকখন ঢাকি তাৰ সন্মুখভাগত অসমৰ ভূমিত লগোৱা এই ফলকখনক লৈ জিলাখনত চৰ্চা অব্যাহত আছে।

অৰুণাচলৰ যুৱ উদ্যোগী লিখা মাচে কেইবাশ কোটি টকা বিনিয়োগৰে সীমান্তৰ অৰুণাচলত নিৰ্মাণ অব্যাহত ৰাখিছে এখন মেগা ফুড পাৰ্কৰ য'লৈ যোৱাৰ একমাত্র পথেই হ'ল লখিমপুৰ জিলাৰ সীমান্ত প্ৰহৰী নামৰ গাঁওখনৰ মাজেদি থকা পথটোৱেই।তেনেস্থলত গাঁওখনৰ প্ৰৱেশ পথত থকা নামফলক খন ঢাকি নিজৰ ইচ্ছামতে এনেদৰে অৰুণাচলীয়ে ফলক লগোৱা কাৰ্যত জাঙুৰ খাই উঠিছে ৰাইজ।

বান্দৰদেৱা আৰক্ষীয়ে পৰিদৰ্শন কৰিলেও ফলকখন স্থানান্তৰ কৰিবলৈ যত্নপৰ নোহোৱা কাৰ্যতো ৰাইজে আশ্বৰ্য প্ৰকাশ কৰিছ।দখলদাৰী আগ্ৰাসী চৰিত্ৰৰ অৰুণাচলীয়ে এনেদৰেই প্ৰথমে ফলক লগাই দুদিন পিছতে সেই ভূমি বেদখল কৰি নিজৰ জিম্মালৈ নিয়ালৈ বোন্দাপৰ দি আছে নেকি লখিমপুৰ প্ৰশাসনে?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in