বটদ্ৰৱাৰ উচ্ছেদিত লোক সকলৰ সকলো ছাত্ৰ-ছাত্ৰীৰ পঢ়া শুনাৰ খৰচ বহনৰ দায়িত্ব ললে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে

বটদ্ৰৱাৰ উচ্ছেদিত লোক সকলৰ সকলো ছাত্ৰ-ছাত্ৰীৰ পঢ়া শুনাৰ খৰচ বহনৰ দায়িত্ব ললে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে

ডিজিটেল সংবাদ, বটদ্ৰৱা : ৰবিবাৰে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সজাতী দল বটদ্ৰৱাৰ উচ্ছেদিত পৰিয়ালৰ কাষত উপস্থিত হয়। যোৱা ১৯ ডিচেম্বৰত বটদ্ৰৱা থানৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ ৯৮৫ বিঘা চৰকাৰী বিঘা মাটি বেদখলমুক্ত কৰাৰ লগতে সেই মাটিত বসবাস কৰি থকা ৩০২ টা পৰিয়াল উচ্চেদ কৰা হয়। এই ৩০২ টা পৰিয়ালৰ ভিতৰত পাঁচ শতাধিক স্কুলৰ ছাত্ৰ ছাত্ৰী আছে। এই ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাৰ খৰচ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে বহন কৰিব।

এই সমূহ ছাত্ৰ ছাত্ৰীক চিনাক্ত কৰি তালিকা প্ৰস্তুত কৰিবলৈ ইতিমধ্যে দহ জনীয়া সমিতি গঠন কৰি দিয়া হৈছে। বেচামাৰী গাঁও পঞ্চায়ৰ সভাপতি হিফজুৰ ৰহমানক সভাপতি হিচাপে লৈ এই দহ জনীয়া সমিতি গঠন কৰি দিয়া হৈছে।

আজি বটদ্ৰৱাৰ কাৰ্য্যসূচীত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলাৰ সভাপতি হাৰুণ অল ৰছিদে সাংবাদিকক জানিবলৈ দিয়ে। আজিৰ কাৰ্যসূচীত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ উপসভাপতি চাহাব উদ্দিন আহমেদ, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক মোহম্মদ আলী, ধিং টাওন সমিতিৰ সভাপতি ৰকিবুল হুছেইন, সম্পাদক ইফতিকাৰ হুছেইন, আশ্বিকুল ইছলাম, আজমল হুছেইন, আজবাহাৰুল হুছেইন, ৰাহুল হুছেইন উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in