ভ্ৰাম্যমান জগতৰ এসময়ৰ বলিষ্ঠ অভিনেতা, সংগীত শিল্পী পুলক ফুকন অসুস্থ

বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হৈ গহপুৰৰ বড়িগাঁৱৰ ঘৰত চিকিৎসাধীন বিশিষ্ট অভিনেতাজন
ভ্ৰাম্যমান জগতৰ এসময়ৰ বলিষ্ঠ অভিনেতা, সংগীত শিল্পী পুলক ফুকন অসুস্থ

ডিজিটেল সংবাদ, ছয়দুৱাৰ : ১৯৭৯-৮০ চনৰ কথা। সেইসময়ত গহপুৰৰ এগৰাকী চফল ডেকাই কপাই তুলিছিল অসমৰ ভ্ৰাম্যমান থিয়েটাৰ জগতৰ মঞ্চ। মাত্ৰ ১৫-১৬ বছৰ বয়সতে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ জগতত খোজ দি নিজৰ শিল্পী প্ৰতিভা বলিষ্ঠ ৰূপত উপস্থাপন কৰি নাট্যপ্ৰেমী ৰাইজৰ হৃদয় জয় কৰা সেই সময়ৰ চফল ডেকাজনৰ নাম পুলক ফুকন।

অভিনয় যাত্ৰাৰ পথ-পৰিক্ৰমাৰ বিভিন্ন তিতা-মিঠা অভিজ্ঞতাৰ বহু স্মৃতি এতিয়াও সজীৱ কৰি ৰখা পুলক ফুকনৰ বয়সে বৰ্তমান ৫৪ বছৰ অতিক্ৰম কৰিছে। গহপুৰ মহকুমাৰ গহপুৰ পৌৰসভাৰ অন্তৰ্গত বড়িগাঁও নিবাসী পুলক ফুকন অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ জগতৰ এটা অতি চিনাকি নাম।

সংগীত শিল্পী হিচাপে ভ্ৰাম্যমাণ থিয়েটাৰ জগতত খোজ পেলোৱা পুলক ফুকন পিছলৈ পৰিচালক, অভিনেতা আৰু প্ৰযোজক হিচাপে জনপ্ৰিয় হৈ উঠে। স্কুলীয়া জীৱন আধাতে শেষ কৰি মাত্ৰ ১৫-১৬ বছৰ বয়সত থিয়েটাৰ জগতত খোজ পেলোৱা পুলক ফুকনে ১৯৭৯-৮০ চনত ৰঙিয়াৰ ৰাধীকা দেৱী থিয়েটাৰত সংগীত শিল্পী হিচাপে যোগদান কৰি উক্ত ৰাধীকা দেৱী থিয়েটাৰত একেৰাহে ৪ টা বছৰ সংগীতৰ কাম কৰাৰ পিছত লখিমপুৰৰ অসমী থিয়েটাৰত মুখ্য অভিনেতা হিচাপে নিজৰ অভিনয় প্ৰদৰ্শন কৰি দৰ্শকৰ মন জয় কৰে।

অসমী থিয়েটাৰত ৩ বছৰ মুখ্য অভিনেতা হিচাপে অভিনয় কৰাৰ পৰৱৰ্তী সময়ত তেওঁ পাঠশালাৰ ইন্দ্ৰানী থিয়েটাৰত ২বছৰ, আৰধনা থিয়েটাৰত ১বছৰ, নটৰাজ থিয়েটাৰত ৪বছৰ, পল্লৱী থিয়েটাৰত ১বছৰ, জ্যোতিৰূপা থিয়েটাৰত ২বছৰ আৰু হেঙুল থিয়েটাৰত ১বছৰ মুখ্য অভিনেতা হিচাপে অভিনয় কৰি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ভ্ৰাম্যমাণৰ মঞ্চ কপাই তোলে।

উল্লেখ্য যে সেই সময়ত পুলক ফুকনৰ অভিনয় বুলিলেই আছিল আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু। পুলক ফুকনৰ দুৰ্দান্ত অভিনয়ত শ্ৰোতা-দৰ্শকৰ মঞ্চৰ পৰা জাউৰীয়ে জাউৰীয়ে প্ৰতিধ্বনিত হোৱা হাত চাপৰি আছিল সেই সময়ত থিয়েটাৰ প্ৰদৰ্শনীৰ এক ৰোমাঞ্চিত অধ্যায়।

এনেদৰে ভ্ৰাম্যমাণ থিয়েটাৰ জগতত তেওঁ ৪টা বছৰ সংগীত শিল্পী হিচাপে আৰু ১৪ বছৰ মুখ্য অভিনেতা হিচাপে অভিনয় কৰি অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ জগতৰ মঞ্চক এক নতুন মাত্ৰা প্ৰদান কৰাৰ পিছত ১৯৯৬-৯৭ চনত নিজৰ জন্মভূমি গহপুৰৰ বড়িগাঁৱত নিজ হাতে প্ৰতিষ্ঠা কৰে শ্ৰীমন্ত শংকৰ-মাধৱ থিয়েটাৰ নামেৰে এখন ভ্ৰাম্যমাণ থিয়েটাৰৰ।

উক্ত থিয়েটাৰৰ নিজেই প্ৰযোজকৰ দায়িত্ব লৈ অসমৰ বিভিন্ন প্ৰান্তত ৪ বছৰ থিয়েটাৰখনৰ সফল মঞ্চায়ণ কৰাৰ পিছত পুনৰ তেওঁ মণিকাঞ্চন নামেৰে আন এখন ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰতিষ্ঠা কৰি সুদীৰ্ঘ ৯ বছৰ উক্ত মণিকাঞ্চন থিয়েটাৰৰ প্ৰযোজনা কৰে।

ইয়াৰ পিছত লালিগুৰাজ নামেৰে এখন নেপালী ভাষাৰ থিয়েটাৰ আৰু সঞ্জীৱনী থিয়েটাৰৰ প্ৰযোজনা কৰি অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ জগতলৈ অশেষ বৰঙণি আগবঢ়াই পুলক ফুকনে। শ্ৰীমন্ত শংকৰ-মাধৱ থিয়েটাৰত মঞ্চস্থ হোৱা পুলক ফুকনৰ বেণ্ডিত কুইন নাটকখনৰ বাবে তেওঁ মুনলাইট মিডিয়া বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।

জীৱনৰ ৩৩-৩৪ টা বছৰ অসমৰ ভ্ৰাম্যমাণ নাট্য জগততে দেহ-মন সমৰ্পিত কৰা পুলক ফুকন এতিয়া শাৰীৰিকভাবে অসুস্থ হৈ ঘৰতে চিকিৎসাধীন অৱস্থাত আছে।মধুমেহ ৰোগত আক্ৰান্ত হোৱাৰ পিছত যোৱা ১বছৰ পূৰ্বে বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হয় শিল্পীগৰাকী।

গুৱাহাটী, চেন্নাই আদি ঠাইত ব্যয়বহুল চিকিৎসা কৰিও আৰোগ্য লাভ নকৰা পুলক ফুকনে এতিয়া গহপুৰ মহকুমা অসামৰিক চিকিৎসালয়ত থকা বৃক্কৰ ডাইয়েলেচিছ কেন্দ্ৰত নিয়মীয়াকৈ ডাইয়েলেচিছ কৰি কষ্টকৰ দিন অতিবাহিত কৰি থাকিব লগা হৈছে।

দিন-ৰাতি একাকাৰ কৰি অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ ক্ষেত্ৰখনলৈ অফুৰন্ত বৰঙণি আগবঢ়োৱা সংগীত শিল্পী, পৰিচালক, প্ৰযোজক আৰু বিশিষ্ট অভিনেতা পুলক ফুকনক জীৱিত কালত শিল্পী পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিবলৈ অসম চৰকাৰৰ ওচৰত দাবী জনাইছে গহপুৰ বাসী ৰাইজে।তদুপৰি তেওঁৰ বৃক্ক জনিত ৰোগৰ চৰকাৰী ভাবে উপযুক্ত চিকিৎসা প্ৰদানৰ ক্ষেত্ৰতো প্ৰয়োজনীয় ব্যৱস্থা ল'বলৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপযুক্ত পদক্ষেপ কামনা কৰিছে গহপুৰ বাসী ৰাইজৰ লগতে অসমৰ নাট্য প্ৰেমী ৰাইজে।

পুলক ফুকনৰ লগত কোনো শুভাকাংখী ৰাইজে যোগাযোগ কৰিব বিচাৰিলে ৭৩০৫০১০৬৩৪ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি জনায়।

ভ্ৰাম্যমান জগতৰ এসময়ৰ বলিষ্ঠ অভিনেতা, সংগীত শিল্পী পুলক ফুকন অসুস্থ
বন বিভাগৰ সাক্ষাৎকাৰত অৱৰ্তীৰ্ণ বহি ৰাজ্যৰ প্ৰাৰ্থী

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in