দ্ৰাবিড়ৰ পৰিব অন্ত : গম্ভীৰৰ কান্ধত দায়িত্ব !

নতুন প্ৰশিক্ষকৰ কাৰ্যকাল হ’ব ২০২৪ৰ ১ জুলাইৰ পৰা ২০২৭ চনৰ ৩১ ডিচেম্বৰলৈকে

author-image
Asomiya Pratidin
New Update
দ্ৰাবিড়ৰ পৰিব অন্ত : গম্ভীৰৰ কান্ধত দায়িত্ব !

ডিজিটেল ডেস্ক : চলিত টি-২০ বিশ্বকাপৰ পাছতে বি চি চি আয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকৰ নাম। এই বিশ্বকাপৰ পাছতে অন্ত পৰিব বৰ্তমানৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ কাৰ্যকাল।

Advertisment

চলিত বৰ্ষৰ ৩০ জুনত অন্ত পৰিব ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ কাৰ্যকাল। ইয়াৰ পূৰ্বে ২৫ জুনৰ পৰা ৩০ জুনৰ ভিতৰত ঘোষণা কৰা হ’ব নতুন প্ৰশিক্ষকৰ নাম।

যিহেতু দ্ৰাবিড়ৰ কাৰ্যকাল বৃদ্ধি কোনো লক্ষণ নাই, সেয়ে ব’ৰ্ডে কম সময়ৰ ভিতৰতে নতুন প্ৰশিক্ষকৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰিব। অসমৰ্থিত সূত্ৰে জানিব পৰামতে মুখ্য প্ৰশিক্ষকৰ দায়িত্ব প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰৰ কান্ধতে অৰ্পণ কৰিব বি চি চি আয়ে।

যদিহে সকলো ঠিকে-ঠাকে থাকে তেন্তে ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰেই হ’ব। অৱশ্যে এই সন্দৰ্ভত গম্ভীৰে কোনো মন্তব্য প্ৰকাশ কৰা নাই বা ইংগিত দিয়া নাই যদিও প্ৰশিক্ষক হ’বলৈ সাজু প্ৰাক্তন ক্ৰিকেটাৰগৰাকী। নতুন প্ৰশিক্ষকৰ কাৰ্যকাল হ’ব ২০২৪ৰ ১ জুলাইৰ পৰা ২০২৭ চনৰ ৩১ ডিচেম্বৰলৈকে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে দ্ৰাবিড়ৰ নেতৃত্বত ভাৰতীয় ক্ৰিকেট দলে সম্প্ৰতি ডাঙৰ প্ৰতিযোগিতাত সাফল্য লাভ কৰিবলৈ সক্ষম হোৱা নাই। প্ৰশিক্ষকগৰাকীৰ সময়ছোৱাত ২০২২ৰ টি-২০ বিশ্বকাপৰ ছেমি ফাইনেল খেলাৰ উপৰি এদিনীয়া বিশ্বকাপৰ ফাইনেলত পৰাস্ত হৈছে। একেদৰে ২০২৩ত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলিছে। তাৰ বাহিৰে উল্লেখনীয় সফলতা নাই বুলিয়েই ক'ব পাৰি।

বিদায়ৰ প্ৰাকমুহূৰ্তত নিজৰ নাম সোণালী আখৰেৰে লিপিৱদ্ধ কৰাৰ সুবৰ্ণ সুযোগ দা ৱাল দ্ৰাবিড়ৰ সন্মুখত। চলিত টি-২০ বিশ্বকাপৰ খিতাপ জিনিব পাৰিলেই ধন্য হ’ব তেঁওৰ জীৱন।

Also Read: খেল বাতিল হ'লেও নাই আক্ষেপ ! প্ৰিয় খেলুৱৈক কাষত পাই উৎফুল্লিত কানাডাৰ ক্ৰিকেটাৰ

cricket gautam gambhir bcci INDIAN CRICKET TEAM Head Coach rahul dravid