অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক, জ্যেষ্ঠ নিৰ্দেশক পৰীক্ষা সন্দৰ্ভত গুৰুত্বপূৰ্ণ নিৰ্দেশনা....

অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক, জ্যেষ্ঠ নিৰ্দেশক পৰীক্ষা সন্দৰ্ভত গুৰুত্বপূৰ্ণ নিৰ্দেশনা....

author-image
Asomiya Pratidin
New Update
অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক, জ্যেষ্ঠ নিৰ্দেশক পৰীক্ষা সন্দৰ্ভত গুৰুত্বপূৰ্ণ নিৰ্দেশনা....

ডিজিটেল ডেস্ক : অসম চৰকাৰৰ উচ্চ শিক্ষা (কাৰিকৰী বিভাগ)ৰ ইতিমধ্যেই হৈ যোৱা বিভিন্ন পদৰ টিচিং/স্কিল প্ৰফিচিয়েনঞ্চি টেষ্ট সন্দৰ্ভত গুৰুত্বপূৰ্ণ নিৰ্দেশনা। বিজ্ঞাপন নং AESRB-01/2023, AESRB-02/2023, AESRB-03/2023, AESRB-04/2023 আৰু AESRB-05/2023 অনুসৰি ২৪ এপ্ৰিলত অনুষ্ঠিত হৈ যোৱা লিখিত পৰীক্ষাৰ ফলাফলৰ ভিত্তিত পৰৱৰ্তী পৰ্যায়লৈ উত্তীৰ্ণ হোৱাসকলে এতিয়া এই টিচিং আৰু স্কিল প্ৰফিচিয়েনঞ্চি পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব।

এই পৰীক্ষাৰ বাবে বিভাগে এক নিৰ্দেশনা অনুসৰি চাকৰি পাৰ্থীসকলৰ সুবিধা হোৱাকৈ পাঠ্যক্ৰম (Syllabus) প্ৰকাশ কৰিছে। উল্লখ্য লিখিত পৰীক্ষা আৰু এই দক্ষতাৰ পৰীক্ষা দুয়োটাকে ফলাফলৰ ভিত্তিতেই চূড়ান্ত তালিকা প্ৰকাশ কৰা হ'ব।

উল্লেখ্য যে, ৰাজ্যৰ অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু পলিটেকনিকসমূহত বহু সংখ্যক অধ্যাপককে ধৰি বিভিন্ন পদ খালী হৈ আছিল। সেয়েহে এই পদসমূহ পূৰণৰ হেতু আসাম ইঞ্জিনিয়াৰিং চাৰ্ভিচেছ ৰিকুইটমেণ্ট ব'ৰ্ডৰ নিযুক্তি সন্দৰ্ভত বহা ব'ৰ্ডৰ বৈঠকত এই পদসমূহ পূৰণৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু তাৰ ভিত্তিতেই উচ্চ শিক্ষা (কাৰিকী) বিভাগৰৰ যুটীয়া সঞ্চালক অঞ্জলি শইকীয়া বৰুৱাৰ স্বাক্ষৰ সম্বলিত পত্ৰৰ জৰিয়তে এই নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ হয় আৰু ইয়াৰ ভিত্তিতেই লিখিত পৰীক্ষাও সম্পন্ন হৈ যায়।

লিখিত পৰীক্ষাত উত্তীৰ্ণ চাকৰি পৰীক্ষাৰ্থীসকলৰ দক্ষতাৰ পৰীক্ষাৰ বাবে বিভাগে জাৰি কৰা পাঠ্যক্ৰমঃ

GOVT OF ASSAM