ঝাৰখণ্ডত ৰে'ল দুৰ্ঘটনাঃ নিহত ২, আহত ২০ৰো অধিক যাত্ৰী...

ঝাৰখণ্ডত ৰে'ল দুৰ্ঘটনাঃ নিহত ২, আহত ২০ৰো অধিক যাত্ৰী...

author-image
Asomiya Pratidin
New Update
ঝাৰখণ্ডত ৰে'ল দুৰ্ঘটনাঃ নিহত ২, আহত ২০ৰো অধিক যাত্ৰী...

ডিজিটেল ডেস্কঃ এমাহৰ ভিচৰতে দেশত সংঘটিত হৈছে তৃতীয়টো ৰে'ল দুৰ্ঘটনা।পুৱতি নিশা ঝাৰখণ্ডৰ টাটানগৰৰ সমীপত সংঘটিত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। হাওৰাৰ পৰা মুম্বাইলৈ যোৱা ১২৮১০ হাওৰা-CSMT মেইলৰ ১০টাকৈ ডবা লাইনচ্যুত হোৱাৰ ফল এই দুৰ্ঘটনা সংঘটিত হয়।

Advertisment

এই দুৰ্ঘটনাত এতিয়ালৈকে দুজন লোকৰ মৃত্যু হৈছে। আনহাতে ২০গৰাকীকৈ লোক গুৰুতৰভাৱে আহত হোৱাৰ খবৰ লাভ কৰা গৈছে। পুৱতি নিশা প্ৰায় ৩.৪৫ বজাত দুৰ্ঘটনাগ্ৰস্ত হয় ৰে’লখন।

তথ্য অনুসৰি দুদিন পূৰ্বে এই ৰে’ল পথটোত পূৰ্বে এখন মালবাহী ৰে’ল লাইনচ্যুত হৈছিল, আৰু লাইনচ্যুত ডবাৰ সৈতে হাওৰা-CSMT মেইলে খুন্দা মাৰে। ৰে’ল দুৰ্ঘটনাৰ সৈতে জড়িত তথ্য লাভৰ বাবে ৰাঁচীৰ হেল্প ডেস্কৰ নম্বৰ হৈছে ০৬৫১-২৭-৮৭১১৫। ইয়াৰ উপৰিও আন আন হেল্পলাইন নম্বৰো জাৰি কৰা হৈছে। সেইকেইটা হৈছে- টাটা- ০৬৫৭-২২৯০৩২৪, আৰ এল ৱাই- ৭৩৫২৩

Also Read: আম্বানীৰ যিমান সম্পত্তি, তাতকৈ বেছি ধন দান দিছে টাটাই...

ঝাৰখণ্ড