/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/a5d0546c-bd7b-413d-a58b-fcdd7311b5bf/APSC.jpg)
পৰীক্ষাত উত্তীৰ্ণ নোহোৱাকৈ APSCৰ চাকৰি লোৱা দুই ৰাজপত্ৰিত বিষয়া আজি হাজিৰ হ'ব এছ আই টিত...
ডিজিটেল ডেস্কঃ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত বক্ৰপথেৰে উত্তীৰ্ণ হৈ চাকৰি লোৱা ৰাজপত্ৰিত বিষয়াৰ এছ আই টিলৈ আগমণ ঘটিয়েই আছে। আজি পুনৰ দুজন ৰাজপত্ৰিত বিষয়া হাজিৰ হ'ব লাগিব বিশেষ তদন্তকাৰী গোটৰ সন্মুখত।
ইতিমধ্যে দুয়োকে আজি পুৱা ১০ বজাৰ পূৰ্বে আহি চি আই ডিৰ কাৰ্যালয়ত এছ আই টিৰ সন্মুখত উপস্থিত হ'বলৈ নিৰ্দেশ দিয়া হৈছে। এই দুই ৰাজপত্ৰিত বিষয়া ক্ৰমে এ পি এছ নিলাঞ্জন গগৈ আৰু সমবায় সমিতিৰ সহকাৰী পঞ্জীয়ক বিকাশ শৰ্মা।
এই দুয়োগৰাকী বিষয়াৰ বিৰুদ্ধে আছে বক্ৰ পথেৰে চাকৰি লোৱাৰ অভিযোগ। ইতিমধ্যে এই দুয়ো বিষয়াক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে।
উল্লেখ্য যে, এই দুয়োগৰাকী ৰাজপত্ৰিত বিষয়াই এ পি এছ চি পৰীক্ষাত উত্তীৰ্ণ নোহোৱাকৈয়ে লাভ কৰিছিল চাকৰি। তদানীন্তন অধ্যক্ষ ৰাকেশ পালৰ আশীৰ্বাদত নীলাঞ্জন গগৈয়ে ১১০ নম্বৰ আৰু বিকাশ শৰ্মাই ২৯০ নম্বৰ অতিৰিক্তভাৱে লাভ কৰি এই দুয়োগৰাকীয়ে লাভ কৰিছিল চাকৰি। ৰাকেশ পালে তেওঁলোকক বঢ়াই দিছিল এই নম্বৰ।
স্মৰ্তব্য, এই পৰ্যন্ত ১৫ গৰাকী ৰাজপত্ৰিত বিষয়াক এছ আই টিত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছিল যদিও ইয়াৰ মাজৰ পৰা প্ৰাক্তন মুখ্য পৰীক্ষা নিয়ন্ত্ৰক নন্দবাবু সিঙকে ধৰি মাত্ৰ ৬ জনকহে গ্ৰেপ্তাৰ কৰা হৈছে।
Also Read: বোকাজানত জব্দ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰিঃ দুজনক আটক...