APSC কেলেংকাৰীঃ পুনৰ ২ ৰাজপত্ৰিত বিষয়াক এচ আই টিৰ সন্মুখত হাজিৰ হোৱাৰ নিৰ্দেশ...

APSC কেলেংকাৰীঃ পুনৰ ২ ৰাজপত্ৰিত বিষয়াক এচ আই টিৰ সন্মুখত হাজিৰ হোৱাৰ নিৰ্দেশ...

author-image
Asomiya Pratidin
New Update
APSC কেলেংকাৰীঃ পুনৰ ২ ৰাজপত্ৰিত বিষয়াক এচ আই টিৰ সন্মুখত হাজিৰ হোৱাৰ নিৰ্দেশ...

ডিজিটেল ডেস্কঃ অসম লোক সেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰে জড়িতসকলক এজনৰ পাছত এজনকৈ চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে বিশেষ তদন্তকাৰী গোটে। বৃহস্পতিবাৰে পুনৰ ২ ৰাজপত্ৰিত বিষয়াক বিশেষ তদন্তকাৰী গোটৰ সন্মুখত হাজিৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে।

Advertisment

উক্ত বিষয়া দুগৰাকী হ'ল ফাৰুক আহমেদ আৰু অসীমা কলিতা। ফাৰুক আহমেদক ইতিমধ্যে নিলম্বন কৰা হৈছে। উল্লেখ্য সোমবাৰে এ পি এছ বিষয়া সুকন্যা দাসক জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হৈছে।

সুকন্যা দাসৰ ৬ খন উত্তৰবহীৰ বিপৰীতে আছিল ৮ খন উত্তৰবহী। সোমবাৰে পুৱাৰে পৰা সোধা-পোছাৰ অন্তত তেওঁক দিনৰ ভাগত গ্ৰেপ্তাৰ কৰা হয়।

Also Read: APSC কেলেংকাৰীঃ পুনৰ ৩ ৰাজপত্ৰিত বিষয়াক চি আই ডিত হাজিৰ হোৱাৰ নিৰ্দেশ...

APSC কেলেংকাৰী