APSC ৰ চূড়ান্ত ফলাফলত উজলিল ঢকুৱাখনাৰ ৭ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰী

APSC ৰ চূড়ান্ত ফলাফলত উজলিল ঢকুৱাখনাৰ ৭ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰী

author-image
Asomiya Pratidin
New Update
APSC ৰ চূড়ান্ত ফলাফলত উজলিল ঢকুৱাখনাৰ ৭ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰী

ডিজিটেল সংবাদ,ঢকুৱাখনা: পুনৰবাৰ ৰাজ্যিক প্ৰেক্ষাপটত উজলি উঠিল ঢকুৱাখনা। ঢকুৱাখনাৰ৭ গৰাকী কৃতিমান মেধাৱী শিক্ষাৰ্থীয়ে আজুৰি আনিলে এই স্বাভিমানী কৃতিত্ব।

Advertisment

সদ্যঘোষিত অসম অসামৰিক পৰীক্ষাৰ চূড়ান্ত ফলাফল অনুসৰি ঢকুৱাখনাৰ এইসকল কৃতিমানে আত্মপ্ৰতিষ্ঠাৰ মৰ্যদাপূৰ্ণ ক্ষেত্ৰ খনত সফলতাৰে নিজৰ নাম খোদিত কৰিবলৈ সক্ষম হৈছে। সংগৃহীত প্ৰাথমিক তথ্য মতে ঢকুৱাখনাৰ কাঠৰবাৰী গাঁওৰ হীৰা চমুৱা আৰু ৰূপাঞ্জলি ফুকনৰ জ্যেষ্ঠা কন্যা প্ৰিয়ংকা চমুৱা (মাইনি) , প্ৰয়াত ৰাজেন গগৈ, সৰুজ কুমাৰী গগৈৰ  কন্যা প্ৰীতিমা গগৈ, আমোলাপট্টিৰ টিলেন চমুৱা আৰু পুতুমাই চমুৱাৰ পুত্ৰ ধীৰাজ চমুৱা (বাবাতি) ,বানটৌ চাৰি আলি চাপৰিৰ নবীন গগৈৰ কন্যা শিল্পী গগৈ , কোঁৱৰ গাঁওৰ পূৰ্ণানন্দ কোঁৱৰ আৰু কল্পনা কোঁৱৰৰ পুত্ৰ মানস কোঁৱৰে সদ্যঘোষিত এ পি এছ চিৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত অসম বিত্তীয় সেৱাৰ "এচিষ্টেণ্ট একাউণ্ট অফিচাৰ " হিচাপে উত্তীৰ্ণ হৈছে ।ইয়াৰোপৰি বৰবিল গাঁওৰ গোৱিন্দ টাইদ , চাউৰেকীয়া গাঁওৰ ৰাজশ্ৰী হাতীবৰুৱাইও এপিএছচি পৰীক্ষাত উত্তীৰ্ণ হয়। নিজৰ একাগ্ৰতা আৰু অধ্যৱসায়ৰ ফলত এইসকল মেধাবীযে ঢকুৱাখনালৈ কঢ়িয়াই অনা অন্যন্য গৌৰৱত গৌৰৱান্বিত ঢকুৱাখনাখনাবাসী ।

Also Read: APSC পৰীক্ষাত উজলিল নগাঁৱৰ অগষ্টি কাশ্যপ, অসম আৰক্ষী সেৱাত ৩৪সংখ্যক স্থান লাভ

apsc